হুছেনগঞ্জৰ ভি মাৰ্ট শ্বপিং মলত আদেশ কুমাৰ নামৰ এজন আৰক্ষী কৰ্মীৰ কাণ্ডই খাকীত লগালে দাগ।
আৰক্ষী কৰ্মীজনে ট্ৰায়েল ৰুমত গৈ পোছাকৰ তলত ৩টা ছাৰ্ট পিন্ধে আৰু পলাবলৈ চেষ্টা কৰে।
কিন্তু বাহিৰলৈ ওলোৱাৰ সময়ত গেটত লাগি থকা মেটেল ডিটেক্টৰত ছাৰ্টৰ বাৰকোডেৰে এলাৰ্ম বাজি উঠাৰ লগে লগে আৰক্ষী কৰ্মীজনক ধৰিবলৈ সক্ষম হয়।
তালাচী লোৱাত আৰক্ষীৰ পোছাকৰ তলত ৩টা ছাৰ্ট পোৱাত মলটোৰ ষ্টাফে ক্ষুব্ধ হৈ পৰে।
তেওঁলোকে আৰক্ষী কৰ্মীজনক মাৰধৰ কৰাৰ লগতে ভিডিঅ’ও বনায়।
বৃহস্পতিবাৰে সন্ধিয়া ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে তোলপাৰ লাগে।
আৰক্ষী আয়ুক্ত ডিকে ঠাকুৰে আৰক্ষী কৰ্মীজনক নিলম্বন কৰি ঘটনাটোৰ তদন্ত কৰিবলৈ আদেশ প্ৰদান কৰে।
ইয়াৰোপৰি আৰক্ষী কৰ্মীজনক মাৰধৰ কৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো নিৰ্দেশনা প্ৰদান কৰে।
ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে লাগে তোলপাৰ
এই ঘটনাটো সংঘটিত হৈছে ২১ ফেব্ৰুৱাৰীত।
গোমতীনগৰ বিস্তাৰ থানাত নিয়োজিত আৰক্ষী কৰ্মী আদেশ কুমাৰ হুছেনগঞ্জস্থিত ভি মাৰ্ট শ্বপিং মললৈ গৈছিল।
কৰ্মীজনে ট্ৰায়েল ৰুমত ৩টা ছাৰ্ট এটাৰ ওপৰত এটাকৈ পিন্ধিলে আৰু ওপৰত আৰক্ষীৰ পোছাকযোৰ পিন্ধি বাহিৰলৈ ওলাবলৈ ধৰে।
কিন্তু প্ৰতিটো ছাৰ্টতে বাৰকোড লগোৱা আছিল বাবে মলটোৰ বাহিৰলৈ ওলাই অহাৰ লগে লগে মেটেল ডিটেক্টৰে এলাৰ্ম বজাই দিয়ে।
মলটোৰ ছিকিউৰিটীয়ে কৰ্মীজনক ধৰি তাৰ তালাচী চলাবলৈ লওতে ৩টা ছাৰ্ট পিন্ধি থকা দেখা পায়।
ঘটনাস্থলীত লোকসমূহে ভিৰ কৰে আৰু মলটোত কৰ্মৰত লোকসকলে কৰ্মীজনক আগুৰি ধৰে।
আৰক্ষী কৰ্মীজনৰ পোছাক খুলি তাক মাৰধৰ কৰাৰ ভিডিঅ’ বনায়।
বৃহস্পতিবাৰে সন্ধিয়া ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত তোলপাৰ লাগে।
DCP চেণ্ট্ৰেল চিৰঞ্জীৱ নাথ সিনহা আৰু ACP হজৰতগঞ্জ ৰাঘবেন্দ্ৰ মিশ্ৰাই ঘটনাটোৰ তদন্ত কৰাৰ পিছত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।
কিন্তু আৰক্ষী কৰ্মীজনে ছাৰ্টকেইটাৰ মূল্য প্ৰদান কৰিছিল।
মলটোৰ সঞ্চালকজনেও মূল্য দিয়াৰ কথা প্ৰকাশ কৰে।
তেওঁ ক’লে যে ছাৰ্টকেইটাৰ মূল্য প্ৰদান কৰাৰ বাবে তেওঁলোকে কোনো অভিযোগ উত্থাপন কৰা নাছিল। ইফালে আৰক্ষী আয়ুক্ত আৰক্ষী কৰ্মীজনৰ এই কাণ্ডত যথেষ্ট ক্ষোভিত। লগতে আৰক্ষী কৰ্মীজনক নিলম্বন কৰে।
Photo: Google