ভাৰতৰ স্বাধীনতাৰ পিছত প্ৰথমগৰাকী মহিলাৰ হ’বলগীয়া ফাঁচী বৰ্তমান কেইটামান দিনৰ বাবে স্থগিত কৰা হ’ল।
প্ৰেমিকৰ সৈতে মিলি নিজৰ পৰিয়ালৰে ৭জন লোকক হত্যা কৰা ছৱনমৰ ডেথ ৱাৰেণ্ট জাৰি নহ’ল।
জিলা শাসকীয় অধিবক্তা মহাবীৰ সিঙে ক’লে যে ৰামপুৰ কাৰাগৰৰ ৰিপৰ্টৰ পৰা জানিব পৰা গ’ল যে ছৱনমৰ অধিবক্তাই ৰাজ্য়পালৰ সন্মুখত পুনঃবিচাৰৰ ক্ষমা আৱেদন দাখিল কৰে।
তেওঁ ইয়াক লৈও অমৰোহা ছেছন কৰ্টলৈ প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত জিলা ন্যায়াধীশখ ৰিপৰ্ট প্ৰেৰণ কৰিছে।
এতিয়া পুনঃবিচাৰ আৱেদনৰ নিষ্পত্তিৰ পিছতহে অগ্রিম পদক্ষেপ গ্ৰহণ কৰা হ’ব।
যেতিয়ালৈ ক্ষমা আৱেদনক লৈ সিদ্ধান্ত গ্ৰহণ কৰা নহয়, তেতিয়ালৈ ডেথ ৱাৰেণ্ট জাৰি কৰোৱা নহয়।
ছৱনমৰ অধিবক্তাই ৰাজ্যপালক দাখিল কৰা ক্ষমা আৱেদনখনেই তাইৰ ঢাল হৈ পৰে।
এই আৱেদনখন নিষ্পত্তি নোহোৱালৈ তাইৰ ডেথ ৱাৰেণ্ট জাৰি কৰা সম্ভৱ নহয়।
ৰামপুৰ জেল প্ৰশাসনে অমৰোহা ছেছন কৰ্টকো প্ৰেৰণ কৰা আৱেদনৰ আধাৰত মঙলবাৰে ডেথ ৱাৰেণ্ট জাৰি কৰা নহ’ল।
আদালতে এই সম্বন্ধত নিজৰ সিদ্ধান্ত সুৰক্ষিত ৰাখে।
অমৰোহাৰ জিলাত হছনপুৰৰ গাঁৱৰ ৱাবনখেৰীত প্ৰেমিক ছলীমৰ সৈতে মিলি ২০০৮ৰ ১৫ এপ্ৰিলত মাতৃ-পিতৃ, ২ ভাতৃ, বৌ, ভগ্নী আৰু কণমানি ভতিজাক মৃত্যুৰ কাষলৈ ঠেলি দিয়া ছৱনমক বৰ্তমান ফাঁচী দিয়া নহ’ব।
২০১০ৰ ১৫ জুলাইত অমৰোহা ছেছন আদালতে ছলীম তথা ছবনমক ফাঁচীৰ শাস্তি বিহা হৈছিল।
ইয়াৰ পিছত উচ্চ ন্যায়ালয় তথা উচ্চতম ন্যায়ালয়ে দুয়োৰে শাস্তি অব্যাহত ৰাখিছিল।
Photo: Google