ক’ৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰণে সমগ্ৰ বিশ্বতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অমিক্ৰণৰ লগতে দেশত আৰম্ভ হৈছে ক’ৰোণাৰ তৃতীয় ঢৌ। বিশেষজ্ঞসকলৰ মতে, জানুৱাৰীত তৃতীয় ঢৌ শীৰ্ষত থাকিব পাৰে আৰু ক’ৰোণাৰ এটা দিনৰ সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোহৰলৈ আহিব পাৰে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স এণ্ড আৰু ইণ্ডিয়ান ষ্টেটিচটিকেল ইনষ্টিটিউট বেংগালুৰুৰ এটা ষ্টাডী ৰিপৰ্ট মতে, জানুৱাৰীৰ শেষ সপ্তাহত প্ৰতিদিনে ১০ লাখ পৰ্যন্ত লোক ক’ৰোণাত আক্ৰান্ত হ’ব।
এই ষ্টাডী অধ্যাপক শিৱ এথেৰায়া, অধ্যাপক ৰাজেশ সুন্দৰচন, আইআইএছচি আৰু আইএছআই বেংগালুৰু দলে কৰিছিল। অধ্যয়নটোৱে কৈছে যে, জানুৱাৰীৰ শেষ সপ্তাহত সৰ্বাধিক সংখ্যক ক’ৰোণাত আক্ৰান্ত ৰোগী দেখা যাব আৰু ইয়াৰ প্ৰভাৱ ফেব্ৰুৱাৰীতো দৃশ্যমান হ’ব।
আনহাতে, অহা ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে কোভিডে ভয়ংকৰ ৰূপ লব বুলি আশংকা প্ৰকাশ কৰিছে অসম চৰকাৰেও। দ্বিতীয় ঢৌৰ সময়ত ৰাজ্যত দৈনিক সৰ্বাধিক ৬,৫৩৬ জন লোক ক’ৰোণাত আক্ৰান্ত হোৱাৰ বিপৰীতে অহা ৩০ জানুৱাৰীৰ ভিতৰত দৈনিক ১০ৰ পৰা ১২ হাজাৰ লোক ক’ৰোণাত সংক্ৰমিত হব পাৰে। এই কথা শুকুৰবাৰে সংবাদমেল যোগে জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।