আমেৰিকান আৰু নাটো বাহিনীয়ে শুকুৰবাৰে আফগানিস্তানৰ বৃহত্তম বিমানঘাটি বাগৰামৰ পৰা গৃহভূমিলৈ প্রত্যাৱর্তন কৰিছে৷ আফগানিস্তানত সুদীর্ঘ ২০ বছৰ ধৰি আমেৰিকা তথা নাটো বাহিনীৰ সৈনিকসকল সন্ত্রাসবাদবিৰোধী যুদ্ধত নিয়োজিত আছিল৷ আমেৰিকা আৰু নাটোৰ এই সৈনিকসকলৰ প্রত্যাৱর্তনৰ পিছতে আফগানিস্তানৰ পৰা বিদেশী বাহিনীৰ সম্পূর্ণ প্রত্যাৱর্তনৰ ইংগিত পোৱা গৈছে৷
আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে, ১১ ছেপ্টেম্বৰৰ ভিতৰত আফগানিস্তানত থকা সকলো সৈনিকক গৃহভূমিলৈ ওভতাই নিয়া হ’ব বুলি ঘোষণা কৰিছে৷ অৱশ্যে, আমেৰিকা আৰু নাটো বাহিনীয়ে এই সিদ্ধান্ত লোৱাৰ সময়তে আফগানিস্তানৰ বিভিন্ন অঞ্চলত তালিবান তথা অন্যান্য জেহাদী গোটৰ সাংগঠনিক ভেটি সবল হৈছে৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত সন্ত্রাসবাদী আক্রমণত ৩ সহস্রাধিক লোক নিহত হৈছিল৷ এই আক্রমণৰ পিছতে আমেৰিকাই আল–কায়দা আৰু অন্যান্য জেহাদী গোটৰ বিৰুদ্ধে সামৰিক অভিযান তীব্রতৰ কৰি তুলিছিল৷ তেতিয়াৰে পৰা এই সৈনিকসকল আফগানিস্তানতে আছে৷
বাগৰাম ঘাটিৰ পৰা মার্কিন বাহিনীৰ প্রত্যাৱর্তনৰ পিছত এহেজাৰতকৈও কম সৈনিকহে ১১ ছেপ্টেম্বৰলৈকে থাকিব আফগানিস্তানত|