ভাৰতলৈ ক’ভিড ভেকচিনৰ কেঁচা সামগ্ৰীৰ যোগান অব্যাহত ৰাখিব আমেৰিকাই।
দেওবাৰে এই কথা প্ৰকাশ কৰে আমেৰিকাৰ চৰকাৰে।
অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এক টুইটযোগে জনাই যে বিগত মহামাৰীৰ সময়ত যেতিয়া আমাৰ হাস্পতালবোৰ হেঁচাত পৰিছিল,
ভাৰতে সেই সময়ত আমাক সহায়ৰ হাত আগবঢ়াইছিল ঠিক সেইদৰে প্ৰয়োজনত আমিও ভাৰতক সহায়ৰ হাত আগবঢ়াম।
তাৰ ওপৰিও জ’ বাইডেনৰ ৰাষ্ট্রীয় সুৰক্ষা উপদেষ্টা জেক সুলিভানে টুইট যোগে জনাই যে ভাৰতত বৃদ্ধি হোৱা ক’ৰোনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ভাৰতীয় সুৰক্ষা উপদেষ্টাৰ লগত আলোচনাত মিলিত হৈছে।
লগতে জনাইছে যে আমেৰিকা বৰ্তমান ভাৰতবাসীৰ লগত আছে আৰু আমি ভাৰতক সকলো ক্ষেত্ৰতে সহায় কৰিম।
Just as India sent assistance to the United States as our hospitals were strained early in the pandemic, we are determined to help India in its time of need. https://t.co/SzWRj0eP3y
— President Biden (@POTUS) April 25, 2021
Photo Credit :Google