অৰুণাচল প্ৰদেশৰ চীন অধিকৃত তিব্বত সীমান্তৰ আৰু সামৰিক দৃষ্টিকোৰণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকাসহ তিব্বত সীমান্তৰ ,(বৰ্ত্তমান চীনৰ দখলত) প্ৰতিটো অঞ্চললৈ যাতে সামৰিক- অসামৰিক সকলো বাহনে যাতে সুচলভারে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ তৎপৰতা আৰম্ভ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’বে। অসমৰ জোনাই বা চিলাপথাৰৰ পৰা আলং হৈ প্ৰায় ৩২০ কিলোমিটাৰ নিলগৰ অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ সদৰ আলং হৈ কায়িঙলৈ ইতিমধ্যে বি আৰ অই সকলো বতৰতে চলাচল কৰিব পৰা দুইলেনযুক্ত পথৰ নিৰ্মাণ সস্পূৰ্ণ কৰিছে। কিন্তু এতিয়া কায়িঙৰ পৰা টাটো হৈ প্ৰায় ১০০ কিলোমিটাৰ নিলগৰ উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকালৈ গুৰুত্বপূৰ্ণ পথটোত সকলো বতৰতে যাতে যিকোনো শ্ৰেণীৰ যান বাহন সুচলভাবে চলাচল কৰিব পাৰে তাৰবাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী প্ৰভৃতি ব্যৱহাৰ কৰিছে বি আৰ অ’ৱে। বি আৰ অ’ৰ অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ব্ৰহ্মাংক প্ৰকল্পৰ অধীনৰ আলংস্থিত ৪৪ বর্ডাৰ ৰোড টাস্ক ফৰ্চ ( বি আৰ টি অফ) ৰ কমাণ্ডাৰ কৰ্ণেল বি পি এছ টোমাৰে সদৰি কৰা অনুসৰি বৰ্ত্তমান তিব্বত সীমান্তবৰ্তী চহৰ মেচুকালৈ কায়িঙৰ পৰা দুইলেনযুক্ত পথ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে। এইচোৱা পথ নিৰ্মাণৰ দায়িত্বত অৰ্পণ কৰা হৈছে ৪৪ বি আৰ টি এফৰ অধীনৰ মেচুকাস্থিত ১৪৪৩ ব্ৰীজ কনছট্ৰাকচন কোম্পানীক ( বি চি চি) । ইফালে ১৪৪৩ বি চি চি কোম্পানীৰ অফিচাৰ কমাণ্ডিং সোৰ্ভাগ্য গৌতমে জানিবলৈ দিয়া মতে টাটোৰ পৰা মেচুকালৈ নিৰ্মাণৰত অৱস্থাত থকা ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা ২০২৬ চনৰ ভিতৰত নিৰ্মাণ সম্পুৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । পথচোৱা নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত তিব্বত সীমান্তবৰ্তী অঞ্চলসমূহলৈ যাতায়াত ব্যৱস্থা সূচল হোৱাৰ লগতে অঞ্চলটোৰ আর্থ সামাজিক ক্ষেত্ৰখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন অহাটো নিশ্চিত। তেতিয়া হলে অসমৰ জোনাই বা চিলাপথাৰৰ পৰা পূৱা যাত্ৰা কৰিলে বিয়লিৰ ভিতৰতে মেচুকা আহি পাব। যিটো আজিৰ তাৰিখত প্ৰায় ডেৰ দিন লাগে। পথচোৱাৰে যাতায়াত ব্যৱস্থা উন্নত হলে পৰ্যটকৰ দিশটোত যথেষ্ট উন্নতি হব। কিয়নো চুইজাৰলেণ্ড হিচাপে পৰিচিত মেচুকাত বছৰটোৰ আধা দিনেই অঞ্চলটো বৰফে আৱৰি থাকে। আনকি মেচুকা চহৰৰ পৰা মাত্ৰ ৪৫ কিলোমিটাৰ নিলগৰ তিব্বত সীমান্তৰ শেষ প্ৰান্ত লামাঙলৈ যলৈ বি আৰ অই পথ নিৰ্মাণ কৰিছে তাত বছৰটোৰ বেছিভাগ সময়েই বৰফে আবৰি থাকে। সেই পথতে থকা পৰ্বতত শিলৰ আকৃতিত থকা হনুমানে সকলোকে আকৰ্ষিত কৰি আহিছে। বি আৰ অ আৰু ভৰতীয় সেনাই মিলি তাত ভক্তৰ বাবে নিৰ্মাণ কৰিছে এটা হনুমান মন্দিৰ।
আনহাতে বছৰটোৰ বেছিভাগ সময় তাত বৰষূণ আহে বাবে আলকাতৰা বা বিতুমিনৰে নিৰ্মাণ কৰা পথৰ স্থায়িত্ব কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তাত প্ৰথমবাৰৰ বাবে পথ নিৰ্মাণ কাৰ্যত ইণ্টাৰ লকিং পেভাৰ ব্লকৰে পথ নিৰ্মাণ কৰা হৈছে। এই প্ৰযুক্তিৰ দ্বাৰা পথ নিৰ্মাণ কাৰ্যত সময়ো ৰাহি হয় । ইফালে টাটোৰ পৰা মেচুকালৈ নিৰ্মাণৰত অৱস্থাত থকা পথচোৱাত ভূমিস্খলনৰ ঘটনা সংঘটিত হলেও যাতে পথচোৱা সম্পূর্ণ বন্ধ নহয় তাৰ বাবে বি আৰু অৰ উদ্ধাৰকাৰী দল ততালিকে ঘটনাস্থলীত উপস্থিত হৈ পথ মুকলি কৰিব পৰাকৈ তেওঁলোক সদা সষ্টম হৈ থাকে বুলি অফিচাৰ কমাণ্ডিং সোৰ্ভাগ্য গৌতমে জানিবলৈ দিছে। উল্লেখ্য যে আজিৰ পৰা প্ৰায় তিনিটা দশক আগলৈকে টাটোৰ পৰা মেচুকালৈ যান – বাহন চলাচল কৰিব পৰাকৈ পথ নিৰ্মাণ কৰা হোৱা নাছিল। কিন্তু তিব্বত দখল কৰাৰ পাছত চীনৰ আগ্ৰাসী নীতিৰ বাবে ভাৰত চৰকাৰে বহু পলমকৈ হলেও এখন বাহন চলাচল কৰিব পৰাকৈ এটা পথ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। যিটো এতিয়া দুইলেনযুক্ত পথলৈ উন্নীত কৰা কাম কৰি থকা হৈছে। শেহতীয়াভাৱে জানিব পৰা মতে বি আৰ অৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰঘু শ্ৰীনিবাচনে কিছুদিন পূৰ্বে তিনিদিনীয়া ভ্ৰমণসূচীৰে মেচুকালৈ আহি পথ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে মেচুকা বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক তথা অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাচাং দৰ্জী সোণাক সাক্ষাৎ কৰি বিশেষ প্ৰতিকুল পৰিস্থিতিৰ উদ্ভৱ নহলে নিৰ্ধাৰিত সময়ৰ ভিতৰত পথ নিৰ্মাণ কাৰ্য সমাপ্ত হব বুলি আশ্বাস প্ৰদান কৰিছে।