মগুমাহৰ ব্যৱহাৰ অসমীয়া সমাজত সৰ্বাধিক পৰিমাণে হয়।
মাহপ্ৰসাদ ,দাইল,পকৰি, চানা,খিচিৰি আদি বহু প্ৰকাৰে খাব পাৰি।
গোটা মগুমাহ কেইঘন্টামান সময় তিয়াই থলে কোমল হয়।
এই কোমল মগুমাহ খৰাহী এটা টুকি ৰাখিলে এদিনৰ পিছত ভালদৰে গজালি ওলাই আৰু ইয়াক গাজীমগু বুলি কোৱা হয়।
এই গাজীমগু আমি প্ৰসাদ হিচাবে খাও ইয়াৰ উপকাৰীতা যথেষ্ঠ।
বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাবে ব্যৱহিত হৈ আহিছে।
প্ৰতিদিনে ৫০ গ্ৰাম গাজী মগু খালে এজন ব্যক্তি নিৰোগী হৈ থাকে।
গাজীমগু সদায় আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী।
গাজীমগুত আহ, শৰ্কৰা, ভিটামিন-ই, প্ৰটিন আদি থকা বাবে আমাৰ শৰীৰৰ পুষ্টিসাধন কৰিব পাৰে।
গাজীমগু এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰবিয়েল গুণসম্পন্ন হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ আমক নিৰোগী কৰি ৰাখিব পাৰে।
গাজীমগুৰ বাকলিত যথেষ্ট পৰিমাণে আহ থাকে।
সেয়েহে গাজীমগু খালে খাদ্যনলী ভালদৰে পৰিস্কাৰ হয়, শৌচ খোলোচা হয়, শক্তি পোৱা যায়।
কোষ্ঠকাঠিনতা আৰু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী।
প্ৰায়েই শৰ্কৰা অভাৱত ডায়েবেটিচ ৰোগীৰ কোষ্ঠকাঠিনতা হোৱা দেখা যায়,
গাজীমগুৰ বাকলিত থকা আহ শৰ্কৰাই ডায়েবেটিচ ৰোগীৰ কোনো ধৰণৰ ক্ষতি নকৰে।
গাজীমগু খালে উচ্চ ৰক্তচাপ কমে।
মেদবহুলতা ব্যক্তিয়ে গাজীমগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়।
গাজীমগুত যথেষ্ঠ পৰিমাণে আহ থকা বাবে খোৱাৰ পিছত ভোক কমকৈ লাগে।
গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হোৱা বাবে চুলি সৰাত বাধা দিয়াৰ উপৰিও চুলি ঘন আৰু কলা হোৱাত সহায় কৰে।
গাজীমগু খালে চাল নিমজ আৰু উজ্জ্বল হয়, চৰ্মৰোগ হোৱাটো ৰোধ কৰে।
ভিটামিন-ই অভাৱৰ কাৰণে বয়সীয়াল সকলৰ স্নায়বিক আৰু মাংস পেশীৰ বিষ হয়।
গাজীমগু সদায় কিছুদিন খালে এনেধৰণৰ বিষ নোহোৱা হয়।
গাজীমগুৰ লগত খেজুৰ আৰু কিচমিচ খালে মহিলাৰ ডিম্বাশয়ত ডিম্বৰ গঠন আৰু বিকাশ স্বাভাৱিক হয় ।
যিসকল মহিলাৰ ডিম্ব ভালদৰে পুৰঠ আৰু বিকাশ নোহোৱা বাবে সন্তান জন্ম দিব পৰা নাই,
সেই সকল মহিলাই সদায় গাজীমগুৰ লগত খেজুৰ আৰু কিচমিচ খাওক।
গৰ্ভৱতীৰ বাবে গাজীমগু আৰু খেজুৰ বহুত উপকাৰী।
গৰ্ভৱতীয়ে গাজীমগু আৰু খেজুৰ খালে গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে,
প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয়, প্ৰসৱ বেদনা কম হয়,
সন্তান প্ৰসৱ স্বাভাৱিক ভাৱে হয়, স্বাস্থ্যৱান সন্তান জন্ম দিয়াৰ উপৰিও গৰ্ভৱতীৰ সুস্বাস্থ্য অটুট থাকে।
Photo Credit: Google