বৰ্তমান অসমত চলি আছে ব’হাগ বিহুৰ আনন্দ উল্লাস।
ভিন্ন ৰীতি নীতিৰে অসমীয়াই পালন কৰিছে বাপতি সাহোন ৰঙালী বিহুটি।
আৰু এই ব’হাগ বা ৰঙালী বিহুত অসমীয়া লোক সকলে কল পচলাৰ ব্যৱহাৰ কৰে।
লোকবিশ্বাস মতে গৰু বিহুৰ দিনা কল পচলাৰ আঞ্জা খালে দেহত শক্তি পোৱাৰ লগতে গোটেই বছৰটো বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱা যায়।
সেয়েহে বিহুৰ দিনা খন ভীম কলৰ কল পচলা কাটি খোৱা হয়।
কল পচলা বিভিন্ন ৰোগৰ বাবে উপকাৰী।
কল পচলাত প্ৰচুৰ ভিটামিন ,আইৰণ,থাকে বাবে ভিন্ন ৰোগ নিৰাময়ত সহায় কৰে।
মানৱ শৰীৰৰ বাবে কল পচলাৰ বিভিন্ন ব্যৱহাৰ উপযোগী গুণ বোৰ হৈছে-
কল পচলা উচ্চ ৰক্তচাপৰ বাবে যথেষ্ট উপকাৰী ।সঘনাই কল পচলা খালে উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাব পাৰি।
পেচাবৰ বিভিন্ন সমস্যাৰ বাবে কল পচলা খাব লাগে।
ইউৰিক এচিড ৰ সমস্যাৰ বাবে কল পচলা উপকাৰী।এই সমস্যাত ভোগা ৰোগী সকলে সঘনাই কল পচলা খাব লাগে
জণ্ডিচ ৰোগটো কল পচলা খালে অতি সহজে আৰোগ্য লাভ কৰে।
কল পচলাই কিডনী ষ্টোন হোৱাত বাধা আৰোপ কৰে।
বহুমূত্ৰ বা ডায়েবেটিচ ৰোগৰ বাবে কল পচলাৰ খোৱা অত্যন্ত প্ৰয়োজনীয়।কল পচলা খালে এই ৰোগ নিয়ন্ত্ৰণত থাকে।
ৰক্তহীনতা ৰোগৰ বাবে অত্যাধিক মাত্ৰাত কল পচলা খাব লাগে।
কলেষ্টৰলৰ সমস্যাত কল পচলা খালে সুফল পোৱা যায়।
লিভাৰৰ সমস্যাটো কল পচলা অতিকৈ আৱশ্যকীয়।
ইমানবোৰ ঔষধি গুণাগুণৰ বাবে অসমীয়া সমাজত কল পচলাৰ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হয়।
Photo Credit: Google