জেতুকাৰ বৈজ্ঞানিক নাম হৈছে লাওচনিয়া ইনাৰমিচ।
আৰু ইংৰাজীত ইয়াক হেনা(Heena)আৰু হিন্দীত মেহেন্দি বুলি জনা যায়।
প্ৰাচীন কালৰ পৰা আমাৰ সমাজত ভিন্ন সামাজিক,সাংস্কৃতিক আৰু ঔষধি গছ হিচাপে জেতুকাৰ ব্যৱহাৰ হৈ আহিছে।
জেতুকাই সৌন্দৰ্যবৰ্ধন কৰাৰ লগতে ঔষধি গুণ হিচাপেও মানুহক সহায় কৰি আহিছে।
ভাৰতবৰ্ষৰ ভিন্ন স্থানত জেতুকা বহুলভাৱে প্ৰচলিত হৈ আহিছে।
উৎসৱ পাৰ্বনত নাৰী সকলে জেতুকা হাত, ভৰি ,নখ আদিত ব্যৱহাৰ কৰে।
বিয়াৰ ক্ষেত্ৰতো জেতুকাৰ ব্যৱহাৰ অপৰিহাৰ্য।
অসমীয়া সমাজত বিশেষকৈ ৰঙালী বিহুত জেতুকাৰ ব্যৱহাৰ হয়।বিহুৰ আগদিনা বিহুৱতীসকলে জেতুকা লগাই বিহুৰ দিনা বিহু নাচিবলৈ যায়।
ইয়াৰ উপৰিও জেতুকাৰ ভিন্ন ঔষধি গুণ আছে ।
সেইবোৰ হ’ল-
চুলিত জেতুকা ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয় ,উফি নাইকিয়া হয়।
জেতুকা লগালে ছাল নিমজ তথা উজ্জ্বল হৈ পৰে।
জেতুকা ব্যৱহাৰ কৰিলে খৰ খজুৱতিৰ লগতে ভিন্ন ছাল আৰু নখৰ ৰোগ সমূহ নিৰাময় হয়।
মূৰ বিষ হ’লে জেতুকা পাতৰ ৰস খালে উপশম পোৱা যায়।
তেজ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো জেতুকা পাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
মুখৰ ঘাঁ হ’লে জেতুকা পাত চোবাই খাব লাগে।
উচ্চ ৰক্তচাপত ভোগা লোকসকলে জেতুকা পাত মূৰ আৰু কপালত সানিলে আৰোগ্য লাভ কৰে।
গাঁঠিৰ বিষ ভৰি জ্বলা পোৰা কৰা আদি জেতুকা পাতৰ লেপ লগালে আৰাম পোৱা যায়।
জণ্ডিচ ৰোগত জেতুকা পাতৰ ৰস খালে অতি সোনকালে সুস্থ হব পাৰি।
মহিলাৰ মাহেকীয়া সমস্যাৰ বাবেও জেতুকা পাত অতিকৈ উপকাৰী।
কাণৰ পৰা পূঁজ ওলালে জেতুকা পাতৰ ৰস দিনে দুটোপালকৈ দিলে সুফল পোৱা যায়।
ভাৰতৰ প্ৰায় সকলো ঠাইতে সহজতে লাভ কৰিব পৰা জেতুকা আমাৰ দৈনন্দিন জীৱনৰ ঘটি থকা ভিন্ন ৰোগ সমূহ আঁতৰ কৰিব পাৰে।
সেয়েহে ভাৰতবৰ্ষত অতিমাত্ৰা জেতুকাৰ ব্যৱহাৰ কৰা দেখা যায়।
Photo Credit: Googgle