দেশত ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি হোৱাৰ মাজতে চৰকাৰৰ ফালৰ পৰা কৰা নিষ্ঠুৰ ব্যৱহাৰে সকলোৰে হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি দিছে।
উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ক’ৰোনাত আক্ৰান্ত দম্পতীয়ে চৰকাৰী হেল্পলাইন কেন্দ্ৰত ফোন কৰি সহায় বিচৰাত তেওঁলোকক ক’লে যে,
যোৱা মৰি যোৱা।
ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰত অভিযোগ উত্থাপন কৰিছে।
১০ এপ্ৰিলত কৰিছিল পৰীক্ষা
জানিবলৈ দিয়া অনুসৰি লক্ষ্ণৌৰ বাসিন্দা সন্তোষ কুমাৰ সিঙৰ পিতৃ মনোহৰ সিং বিজেপিৰ লক্ষ্ণৌ মহানগৰৰ অধ্যক্ষ।
সন্তোষ কুমাৰে ১০ এপ্ৰিলত পত্নীসহ ক’ৰোনা পৰীক্ষা কৰোৱাইছিল আৰু ইয়াৰ পিছত দুয়োয়ে হোম আইছ’লেচনত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইয়াৰ দুদিন পিছত ১২ এপ্ৰিলত দুয়োজনৰে ৰিপৰ্ট আহিল আৰু ৰিপৰ্টত ওলাল পজিটিভ।
Executiveয়ে ক’লে, ‘যোৱা মৰি যোৱা’
সন্তোষ কুমাৰ সিঙে উত্তৰ প্ৰদেশ চৰকাৰৰ ক’ৰোনা কমাণ্ড চেণ্টাৰৰ হেল্পলাইন (Coronavirus Helpline)ক ফোন কৰি চিকিৎসাৰ বাবে সহায় বিচাৰিলে।
সন্তোষে কোৱা অনুসৰি, ১৫ এপ্ৰিলত পুৱা ৮.১৪ বজাত তেওঁলৈ হেল্পলাইনৰ পৰা ফোন আহিলে।
হেল্পলাইন চেণ্টাৰত বহি থকা Executiveয়ে সন্তোষ কুমাৰ সিঙক সুধিলে যে,
তেওঁ হোম আইছ’লেচন এপ ডাউনলোড কৰিছে নেকি?
এই প্ৰশ্নৰ উত্তৰত সন্তোষ কুমাৰে ক’লে- এনেধৰণৰ কোনো এপৰ বিষয়ে কোৱা হোৱা নাছিল।
ইয়াৰ পিছতে Executiveয়ে তেওঁক ‘যোৱা মৰি যোৱা’ বুলি উত্তৰ দিলে।
ইয়াৰ পিছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু লক্ষ্ণৌৰ জিলাধিকাৰী অভিষেক প্ৰকাশলৈ পত্ৰ লিখি এই ঘটনাৰ অভিযোগ উত্থাপন কৰে।
Photo: Google