ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সাপ্তাহান্তিক লকডাউন এদিনৰ বাবে বৃদ্ধি কৰিছে।
৩ দিনৰ বাবে হ’ব সাপ্তাহান্তিক লকডাউন
যোগী আদিত্যনাথ চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি, এতিয়া সাপ্তাহান্তিক লকডাউন (Weekend Lockdown) উত্তৰ প্ৰদেশৰ প্ৰতিখন জিলাত শুকুৰবাৰে নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব আৰু মঙলবাৰ পুৱা ৭ বজালৈ জাৰি থাকিব।
আদালতে ২ দিনৰ লকডাউন কম বুলি কৈছিল
উল্লেখ্য ইয়াৰ পূৰ্বে মঙলবাৰে এলাহাবাদ আদালতে উত্তৰ প্ৰদেশ চৰকাৰৰ ২ দিনৰ লকডাউন কম বুলি কৈছিল।
আদালতে কৈছিল যে, চৰকাৰে সংক্ৰমণৰ জৰী চিঙিবলৈ ২ দিনৰ সাপ্তাহান্তিক লকডাউন জাৰি কৰিছে আৰু লগতে অন্য নিষেধাজ্ঞাও প্ৰদান কৰিছে, কিন্তু সংক্ৰমণৰ জৰী চিঙিবলৈ এই উপায় যথেষ্ট নহয়।
Photo: Google