উত্তৰাখণ্ডত দেওবাৰে হোৱা জলপ্ৰলয়ত অসমৰ তিনিগৰাকী যুৱক বৰ্তমানো সন্ধানহীন হয় আছে ৷
উল্লেখযোগ্য যে চকুৰ পলকতে NTPC প্ৰকল্পটোত কৰ্মৰত ভিন্ন ভাষা-ভাষীৰ প্ৰায় ২১ গৰাকী কৰ্মচাৰীক শিল-বালি-পানীয়ে পুতি পেলাইছিল ৷
এই জলপ্ৰলয়ত সন্ধানহীন হৈ থকা ২১ গৰাকী কৰ্মচাৰীক ভিতৰত অসমৰ কামপুৰ উত্তৰ চাংচকীৰ একেখন ঘৰৰে দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাস সন্ধানহীন হোৱাৰ লগতে সন্ধানহীন হোজাইৰ কাকীৰ সুশান্ত দালু নামৰ লোকজনো ।
জানিব পৰা মতে ২০ মিটাৰ ওখৰ শিল-বালি-পানীয়ে আটাইকেইজনকে নিঃশেষ কৰি পেলাইছিল ৷
উল্লেখ্য, এতিয়ালৈ উত্তৰাখণ্ডত জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ৩২ গৰাকীৰ বিপৰীতে ২০৬ গৰাকী লোক বৰ্তমানো সন্ধানহীন হৈ আছে ৷
NTPC প্ৰকল্পত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে এতিয়াও অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।
উল্লেখযোগ্য যে উদ্ধাৰকাৰী দলে সোমবাৰৰ নিশাৰে পৰা তেওঁলোকক উদ্ধাৰৰ বাবে অভিযান চলাই আছে ৷