উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰীৰ কোন হ’ব? এই প্ৰশ্নৰ এতিয়া অৱসান ঘটিল।
সকলো জল্পনা-কল্পনা অন্ত পেলাই পৌড়ী গড়ৱাল আসনৰ পৰা বিজেপিৰ লোকসভা সাংসদ তীৰথ সিং ৰাৱটক বিধায়ক দলৰ বৈঠকত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে।
দেহৰাডুনস্থিত বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিধায়ক দলৰ বৈঠকত তেওঁৰ নামত লাগে মোহৰ।
অবৰ্তমানৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে বৈঠক সমাপ্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰী পদৰ বাবে তীৰথ সিং ৰাৱটৰ নাম ঘোষণা কৰিছে।
কিন্তু ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ দৌৰত আছিল ৰমেশ পোখৰিয়াল নিশংক, অজয় ভট্ট আৰু ধন সিং ৰাৱটৰ নাম।
মুখ্যমন্ত্ৰী পদৰ বাবে তীৰথ সিঙৰ নামৰ ঘোষণাই সকলোকে আচম্বিত কৰি তুলিছে।
উল্লেখযোগ্য যে, সোমবাৰেই ত্ৰিবেন্দ্ৰ সিং ৰাৱটে ৰাজ্যপালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তিফা দিছিল।
ৰাজ্যৰ উন্নতিৰ বাবে কৰিম কাম
বিজেপি কাৰ্যালয়ত তীৰথ সিঙে সাংবাদিকসকলক সম্বোধন কৰে।
তীৰথ সিঙে ক’লে যে, মোক যি দায়িত্ব প্ৰদান কৰা হৈছে, সেয়া নিষ্ঠাসহকাৰে পালন কৰিম।
ত্ৰিবেন্দ্ৰ সিং ৰাৱটে যিখিনি কাম কৰিছে সেইখিনি আগবঢ়াই নিম।
পূৰ্বৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰাখণ্ডত যিখিনি কাম কৰিছে সেয়া পূৰ্বে কোনোৱে কৰা নাছিল।
মই ৰাজ্যৰ ভালৰ কাৰণে কাম কৰি যাম।
আজিয়েই গ্ৰহণ কৰিব শপত
তীৰথ সিং ৰাৱটক আজিয়েই মুখ্যমন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ কৰোৱা হ’ব।
বিয়লি ৪ বজাত তীৰথ সিং ৰাৱটে ৰাজভৱনত মুখ্যমন্ত্ৰী পদৰ বাবে শপতগ্ৰহণ কৰিব।
Photo: Google