উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে মুখ্যমন্ত্ৰী পদৰ পৰা দিলে অব্যাহতি।
তেওঁ ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল বেবী মৌৰ্যক পদত্যাগ পত্ৰ দাখিল কৰে।
বিগত কেইটামান দিনৰে পৰা এইটো চৰ্চা চলি আছে যে, বিজেপিৰ হাইকমাণ্ডে উত্তৰাখণ্ডত নেতৃত্ব সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই সন্দৰ্ভতে ৰাৱটক দিল্লীলৈ তলৱ কৰা হৈছিল।
অৱেশষত দিল্লীৰ পৰা ঘূৰি অহাৰ পিছত তেওঁ পদত্যাগ কৰে।
পৰ্যবেক্ষকৰ ৰিপৰ্টৰ পিছত বিজেপিয়ে ত্ৰিবেন্দ্ৰ ৰাৱটক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
বৰ্তমান ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰ বাবে শীঘ্ৰে বিধায়ক দলৰ বৈঠক অনুষ্ঠিত কৰা হ’ব।
এই বৈঠকতে নতুন নেতাৰ নিৰ্বাচন কৰা হ’ব।
মুখ্যমন্ত্ৰীৰ দৌৰত আছে এইকেইটা নাম
উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰীৰ দৌৰত ৰাজ্যসভাৰ সাংসদ অনিল বলুনী, নেনীতালৰ লোকসভা সাংসদ অজয় ভট্ট আৰু ধন সিং ৰাৱটৰ নাম আগত আছে।
এই তিনিওজনৰে ভিতৰত কোনোবা এজনক মুখ্যমন্ত্ৰীৰ পদ প্ৰদান কৰাৰ সম্ভাৱনা।
এই সন্দৰ্ভত সংঘৰ প্ৰধানে নেতাসকলক সাক্ষাৎ কৰিছিল।
উল্লেখযোগ্য যে, নতুন মুখ্যমন্ত্ৰী পদৰ বাবে সতপাল মহাৰাজৰ নামো চৰ্চাত চলি আছে।
উত্তৰাখণ্ডত বিজেপিৰ কোনো এজন নেতাই মুখ্যমন্ত্ৰীৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে
– ২০০০ বৰ্ষত উত্তৰাখণ্ডত বিজেপিৰ ২ বছৰত ২জনকৈ নেতা মুখ্যমন্ত্ৰী পদ সম্ভালে।
– ২০০২ত কংগ্ৰেছৰ জয়।
– ২০০৭ত পুনৰ বিজেপিয়ে বহুমত লাভ কৰিলে।
– ২০০৭ত বিজেপিয়ে ২জনকৈ মুখ্যমন্ত্ৰী সলনি কৰিলে।
– ২০১৭ত পুনৰ বিজেপিৰ চৰকাৰ, ত্ৰিবেন্দ্ৰ সিং ৰাৱট মুখ্যমন্ত্ৰী হয়।
– এইবাৰ পুনৰ ৪ বছৰৰ পিছত মুখ্যমন্ত্ৰী সলনি কৰা হ’ব।
Photo: Google