উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত চলা ৰাজনৈতিক গৰম বতাহৰ মাজতে মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ ৰাৱটক বিজেপিৰ হাইকমাণ্ডে তলৱ কৰিছে।
উত্তৰাখণ্ডত মুখ্যমন্ত্ৰী সলনি কৰাৰ প্ৰস্তুতি এতিয়া দ্ৰুতগতিত চলিছে।
সূত্ৰ অনুসৰি জানিবলৈ পোৱা গৈছে যে, বিজেপিয়ে ৰাজ্যখনত মুখ্যমন্ত্ৰীগৰাকীক সলনি কৰি তেওঁৰ স্থানত নতুন মুখক মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা।
মুখ্যমন্ত্ৰীৰ দৌৰত কেইবাজনো বিজেপিৰ দিগ্গজ নেতাৰ নাম এতিয়া পোহৰলৈ আহিছে।
দেহৰাডুন বিজেপিৰ পৰ্যবেক্ষকৰ আধাৰত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং আৰু আন এজন পৰ্যবেক্ষক উত্তৰাখণ্ডৰ মুখ্য মহাসচিব দুষ্য়ন্ত গৌতমে নিজৰ ৰিপৰ্ট বিজেপিৰ শীৰ্ষ নেতৃত্বক দাখিল কৰাৰ সম্ভাৱনা।
ইয়াকে লৈ মঙলবাৰে বিজেপিৰ সদন কমিটীৰ বৈঠকত উত্তৰাখণ্ডক লৈ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনাই যথেষ্ট।
সূত্ৰ অনুসৰি, উত্তৰাখণ্ডত মুখ্যমন্ত্ৰী সলনি কৰাৰ প্ৰস্তুতিৰ ৰূপৰেখা ইতিমধ্যে অঁকা হৈছে।
ত্ৰিবেন্দ্ৰ সিং ৰাৱটৰ স্থানত বিজেপিয়ে ধন সিং ৰাৱট বা সতপাল মহাৰাজৰ নামত নতুন মুখ্যমন্ত্ৰীৰ আধাৰত বিধায়কসকলৰ মাজত সহমত লোৱাৰ চেষ্টা চলোৱা হৈছে।
যদি এই দুইজন নেতাৰ নামৰ ক্ষেত্ৰত সহমত নহয় তেন্তে কেন্দ্ৰৰ তৰফৰ পৰা নেনিতাল লোকসভা সাংসদ অজয় ভট্ট আৰু ৰাজ্যসভাৰ সাংসদ অনিল বলুনীৰ নাম আগবঢ়োৱা হ’ব।
উল্লেখ্য উত্তৰাখণ্ডত আগন্তুক বৰ্ষৰ আৰম্ভণিতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
Photo: Google