বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত ১৮ৰ পৰা ৪৪ বছৰৰ সাংবাদিকসকলক প্রতীকীৰূপে দিয়া হৈছে ভেকচিন ৷
পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় এই ভেকচিনেচন কেম্প ৷
অসম চৰকাৰৰ নির্দেশ অনুসৰি ১০০জন সাংবাদিককহে প্রাৰম্ভিক পর্যায়ত দিয়া হয় ভেকচিন ৷
এই ভেকচিনেচন কেম্প মুকলি কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সাংবাদিকসকলৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে কয় যে, ক’ভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনত আজি এটা অন্যতম গুৰুত্বপূৰ্ণ দিন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ মে’ৰ পৰা ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ভেকচিনেচনৰ কথা ঘোষণা কৰিছিল।
ততাতৈয়াকৈ আমি ভেকচিন অৰ্ডাৰ কৰিছিলো, তাৰ পৰিপ্ৰেক্ষিতত ভাৰত বায়’টেকৰ পৰা আহি পালে ১.৫ লাখ ভেকচিন।
আমি আজি এক ৰূপক হিচাপত গুৱাহাটী প্ৰেছ ক্লাৱত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালক ভেকচিন প্ৰদানৰ বাবে ভেকচিন চেণ্টাৰ মুকলি কৰিছো।
ইপিনে ৭ মে’ৰ পৰা ১৮ উৰ্ধ্বৰ সকলোকে ভেকচিন প্ৰদানৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
অসমত প্ৰাৰম্ভিকভাৱে যোৱা ৪ দিনত ২ লাখ ২০হাজাৰ লোকে ৰেজিষ্টেচন কৰিছে বুলিও মন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে।
লগতে তেওঁ কয় যে, যদি প্ৰতিদিনে ১০ হাজাৰ লোক আক্ৰান্ত হয় তেন্তে দিল্লীৰ দৰে পৰিৱেশ হ’ব ৰাজ্যত।
Photo: File