আজি খানাপাৰা ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৫ বছৰৰ তলৰ শিশুৰ বাবে নতুন ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
উল্লেখযােগ্য যে, ‘Pneumococcal Conjugate Vaccine’ চমুকৈ ‘PCV’ নামৰ এইবিধ ভেকচিন ৫ বছৰৰ তলৰ শিশুসকলক প্ৰদান কৰা হ’ব।এই ভেকচিন শিশুসকলক নিম’নিয়াৰ দৰে ৰোগৰ পৰা সুৰক্ষা দিবলৈ দিয়া হ’ব।ক’ভিড সংক্ৰমণৰ এই সময়ছোৱাত শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক হ’ব এই ভেকচিন।
অসমকে ধৰি দেশৰ ১২খন ৰাজ্যত আজিৰে পৰা শুভাৰম্ভ হৈছে এই ভেকচিন প্ৰদান প্ৰক্ৰিয়া।