বুধবাৰে নিশা গুৱাহাটীৰ পৰা গীত পৰিৱেশন কৰি ঘৰলৈ গৈ থকা অৱস্থাত বৃহস্পতি বাৰে পুৱা ৭-৩০ বজাত বেজেৰাৰ শালমাৰাত দুৰ্ঘটনাত পতিত হয় অসমৰ এগৰাকী গায়ক ৰবি দাস। দূৰ্ঘটনাটোত ৰবিৰ সহযোগী টিংকুমনি ভূঞা আৰু প্ৰাঞ্জল দাস নামৰ মঙলদৈৰ সৰবৰহী যুৱক দুজনৰ থিতাতে মৃত্যু ঘটে।
AS06M8300 ৱাগনাৰ গাড়ীৰে পুৱা ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰাই গছত খুন্দা মাৰি দ খাৱৈত পৰি থিতাতে নিহত যুৱক দুজন। টিংকুমনি ভূঞা মঙ্গলদৈৰ গৰৈমাৰীৰ বাসিন্দা দেৱকান্ত ভূঞাৰ সন্তান আৰু প্ৰাঞ্জল দাস মঙলদৈ আৰেংৰ মহেশ চন্দ্ৰ দাসৰ পুত্ৰ। সংগীত শিল্পী ৰবি দাস বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজৰ আই, চি,ইউত ভৰ্তি হৈ আছে।