No parking বা no over parking সেয়া স্পষ্টকৈ লিখা নথকাৰ ফলত বহু বাহনৰ গৰাকীয়ে অনাহক জৰিমনা ভৰিব লগা হৈ আহিছে৷ যানবাহন আইন মনাটো প্ৰত্যেক নাগৰিকৰে কৰ্তব্য, কিন্তু তাৰ বাবে নাগৰিকক প্ৰয়োজনীয় আৰু স্পষ্ট নিৰ্দেশনা দিয়াটো প্ৰশাসনৰ দায়িত্ব।
উল্লেখ্য যে, পৌৰ নিগম অৰ্থাৎ জিএমচিৰ অধীনত আছে ৫৩টা পাৰ্কিং স্থান। ইয়াৰ বাহিৰে অধিকাংশ বাটপথতে নাই পাৰ্কিং থকা বা নথকাৰ স্পষ্ট নিৰ্দেশনা। ফলত বাহন চালকে পাৰ্কিং নথকা ঠাইত গাড়ী থৈ ৫০০ৰপৰা ২০০০ টকালৈকে জৰিমনা ভৰিব লগা হৈছে৷
‘ভূতৰ ওপৰত দানহ পৰাদি’ বৰ্তমান আন এক সমস্যা হৈছে আৰক্ষীয়ে ম’বাইলত থকা এপ্ত ফটো তুলি বাহনৰ গৰাকীলৈ জৰিমনাৰ মেছেজ পঠিওৱাটো। আনহাতে, বহু সময়ত মেছেজ বাহনৰ প্ৰকৃত গৰাকীৰ ম’বাইললৈ বহু সময়ত নাহে। আনৰ মেছেজ আনলৈ যোৱাৰো বহু উদাহৰণ আছে৷ আৰক্ষীৰ বাহন ইনফ’ এপৰ বিষয়েও বহু লোক অৱগত নহয়। ফলত বাহনৰ মালিকে গম নোপোৱাকৈয়ে জৰিমনা সংযোগ হৈ গৈ থকাৰ সম্ভাৱনা থাকে ৷ তদুপৰি জৰিমনা ক’ত কেনেকৈ আদায় দিব লাগিব তাৰো স্পষ্ট নিৰ্দেশনা নথকাৰ লগতে অনলাইন জৰিমনা আদায়ৰ লিংকো বহু সময়ত নোখোলে।
মহানগৰীত কেৱল স্থানীয় বাসিন্দাই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসংখ্য লোক প্ৰতিদিনে আহে৷ পাৰ্কিং আৰু ন’ পাৰ্কিঙৰ স্পষ্ট নিৰ্দেশনা নথকা বাবে তেনে লোকে প্ৰায়ে ভুলবশতঃ ন’ পাৰ্কিঙত গাড়ী থৈ জৰিমনা ভৰিব লগা হয়। পৌৰ নিগম কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবে অযথা জৰিমনা ভৰিব লগা হোৱাত বাহনৰ গৰাকী সকল ক্ষুব্ধ হৈ পৰিছে আৰু এনেধৰণৰ সমস্যাৰ সমাধানৰ বাবে শীঘ্ৰে ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক দাবী জনাইছে৷