টেলিভিশ্যন সাংবাদিক ৰোহিত সৰডানা ক’ৰোনাত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে।
তেওঁৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই সংবাদ জগতত শোকৰ ছাঁ।
কেইবাগৰাকীও সাংবাদিকে তেওঁৰ মৃত্যুৰ খবৰ টুইটাৰযোগে প্ৰকাশ কৰে।
তেওঁৰ মৃত্যুৰ খবৰ শুনি সমগ্ৰ মিডিয়া জগত স্তব্ধ হৈ পৰিছে।
বহু কেইগৰাকী সাংবাদিকে টুইটাৰযোগে শোকপ্ৰকাশ কৰে।
সাংবাদিকৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মন্ত্ৰী স্মৃতি ইৰানীসহ কেইবাগৰাকীও দিগ্গজ নেতাই তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰে।
ৰোহিত সৰডানাৰ মৃত্যুক লৈ জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ সৰদেশায়ে টুইটাৰত লিখিলে,
”যথেষ্ট ভয়ানক খবৰ। বিশিষ্ট টেলিভিশ্যন নিউজ এংকৰ ৰোহিত সৰডানাৰ মৃত্যু হ’ল।
আজি পুৱা হৃদ ৰোগত আক্ৰান্ত হয়। তেওঁৰ পৰিয়াললৈ সমবেদনা।
More terrible news friends. Well known Tv news anchor Rohit Sardana has passed away. Had a heart attack this morning. Deep condolences to his family. RIP
— Rajdeep Sardesai (@sardesairajdeep) April 30, 2021
ইফালে আজটকৰ সাংবাদিক চিত্ৰা ত্ৰিপাঠীয়েও টুইটাৰযোগে শোকপ্ৰকাশ কৰে।
😭😭😭😭😭
हँसता-खेलता परिवार, दो छोटी बेटियाँ. उनके लिए इस #दंगल को हारना नहीं था @sardanarohit जी.
आज सुबह चार बजे नोएडा के निजी अस्पताल में ICU में आपको ले ज़ाया गया और दिन चढ़ने के साथ ये बहुत बुरी खबर.
कुछ कहने को अब बचा ही नहीं 🙏🏻 pic.twitter.com/M3qKQvQ4mK— Chitra Tripathi (@chitraaum) April 30, 2021
জ্যেষ্ঠ সাংবাদিক সুধীৰ চৌধুৰীয়েও শোকপ্ৰকাশ কৰে।
अब से थोड़ी पहले @capt_ivane का फ़ोन आया।उसने जो कहा सुनकर मेरे हाथ काँपने लगे।हमारे मित्र और सहयोगी रोहित सरदाना की मृत्यु की ख़बर थी।ये वाइरस हमारे इतने क़रीब से किसी को उठा ले जाएगा ये कल्पना नहीं की थी।इसके लिए मैं तैयार नहीं था।ये भगवान की नाइंसाफ़ी है..
ॐ शान्ति— Sudhir Chaudhary (@sudhirchaudhary) April 30, 2021
ৰোহিত সৰডানাৰ মৃত্যুত শিৱ অৰুৰেও শোকপ্ৰকাশ কৰে।
Rohit & I did the 5pm show on Aaj Tak & India Today respectively, so we always bumped into each other right before.
Rohit: "Bhai kya kar raha aaj."
Shiv: "Election rallies pe."
Rohit: "Bhai tu bhi yeh karega, to mera show kaun dekhega."
Never short of humour. #RohitSardana pic.twitter.com/TFxFxjWwCS
— Shiv Aroor (@ShivAroor) April 30, 2021
ৰোহিত সৰডানাৰ মৃত্যুত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোকপ্ৰকাশ কৰি লিখিলে যে, জ্যেষ্ঠ সাংবাদিক শ্ৰী ৰোহিত সৰডানা জীৰ মৃত্যু অতিকে দুখঃজনক।
ভগৱান শ্ৰী ৰামক প্ৰাৰ্থনা জনাইছো যে তেওঁৰ আত্মাই শান্তি লাভ কৰক।
वरिष्ठ पत्रकार श्री रोहित सरदाना जी का निधन अत्यंत दुःखद है।
वह जनपक्षीय पत्रकारिता के अप्रतिम हस्ताक्षर थे।
प्रभु श्री राम से प्रार्थना है कि वह दिवंगत आत्मा को शान्ति व शोकाकुल परिजनों को यह अथाह दुःख सहने की शक्ति प्रदान करें।
ॐ शांति
— Yogi Adityanath (मोदी का परिवार) (@myogiadityanath) April 30, 2021
তেওঁৰ মৃত্যুত স্মৃতি ইৰানীয়েও টুইটাৰযোগে শোকপ্ৰকাশ কৰে।
पत्रकारिता जगत के प्रतिभावान और लोकप्रिय वरिष्ठ पत्रकार रोहित सरदाना जी के असामयिक निधन के बारे में जानकर स्तब्ध हूँ।
उनके परिवार के प्रति संवेदनाएं व्यक्त करती हूँ और ईश्वर से उनकी आत्मा की शांति के लिए प्रार्थना करती हूँ।
ॐ शांति 🙏
— Smriti Z Irani (Modi Ka Parivar) (@smritiirani) April 30, 2021
জানিব পৰা মতে, তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু সাৱটিলে।
২৪ এপ্ৰিলত সাংবাদিকগৰাকীয়ে টুইট কৰিছিল যে, ‘এসপ্তাহ পূৰ্বে দেহত জ্বৰ আৰু কোৰোণাৰ বাকী লক্ষণে দেখা দিয়াত ষ্টেট কৰাইছিলো।
RTPCRত কোৰোণা নিগেটিভ আহিছিল যদিও CTScan কৰাৰ পিছত দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰে।
এতিয়া অৱস্থা আগতকৈ কিছু ভাল।
আপোনালোক সকলোৱে নিজৰ লগতে পৰিয়ালৰ কেয়াৰ লওক।’
দীৰ্ঘ সময় ধৰি টেলিভিশ্যন মিডিয়াৰ সৈতে জড়িত থকা ৰোহিত সৰডানা শেহতীয়াকৈ আজ টক নিউজ চেনেলত সম্প্ৰচাৰিত দংগল নামৰ শ্বটোৰ সঞ্চালক আছিল।
Photo: Google