উদ্যোগিক বিনিয়োগৰ প্ৰসাৰ সাধনৰ বাবে গুজৰাটৰ আহমেদাবাদ চহৰত অনুষ্ঠিত ভাইব্ৰেন্ট গুজৰাট শীর্ষক কাৰ্য্যসূচীত অসমৰ উদ্যোগ বিভাগেও অংশগ্ৰহণ কৰিছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহূৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী ব্মল বড়াৰ নেতৃত্বত উদ্যোগ বিভাগৰ কেবাগৰাকীও শীর্ষ বিষয়াই এই কাৰ্য্যসূচিত অংশগ্ৰহণ কৰিছে। অহা ১৪ এপ্ৰিললৈ চলিব লগা ভাইব্ৰেন্ট গুজৰাট শীর্ষক অনুষ্ঠানত অসমলৈ দেশ বিদেশৰ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে অনুষ্ঠানস্হলীত অসমৰ এটি সুদৃশ্য পেভিলিয়নো নিৰ্মাণ কৰা হৈছে।
ভাইব্ৰেন্ট গুজৰাট কাৰ্য্যসূচিত অংশগ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বড়াই কয় যে ‘মুখ্যমন্ত্রী ড০হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত আত্ম নিৰ্ভৰ অসমৰ সপোন বাস্তবায়িত হোৱাৰ লগতে অসম যাতে দেশৰ পাচখন আগশাৰীৰ ৰাজ্যৰ অন্যতম হিচাপে পৰিগণিত হয় তাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে। ‘
মন্ত্রী বড়াই লগতে ইয়াকো কয় যে আমাৰ আকৰ্ষণীয় ঔদ্যোগিক নীতিৰে আমি ইয়াত অংশ গ্ৰহণ কৰা দেশ বিদেশৰ বিভিন্ন বিনিয়োগকাৰীক অসমত বিনিয়োগৰ বাবে আহ্বান জনাইছো। বিনিয়োগৰ জৰিয়তে নিয়োগৰ সুবিধা সৃষ্টিৰ লগতে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ ভাৰতৰ সপোন বাস্তবায়িত কৰাই ভাইব্ৰেন্ট গুজৰাটত অংশগ্ৰহণৰ মূল উদ্দেশ্য বুলিও মন্ত্রী গৰাকীয়ে উল্লেখ কৰে।
অসমৰ পৰা অংশ গ্রহণ কৰা দলটোত ৰাজ্য চৰকাৰৰ বিষয়া ক্ৰমে প্ৰধান সচিব ড০ কে কে দ্বিৱেদী, উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম শৰণ কুমাৰ সিং, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি কেবাগৰাকীও শীর্ষ বিষয়াই অংশ গ্ৰহণ কৰিছে।