শুকুৰবাৰে সন্ধিয়া দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা টিকট লাভ কৰা প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰত্যক্ষ কৰা হৈছে।
এফালে যদি দেখা পোৱা গৈছে টিকট লাভ কৰা প্ৰাৰ্থীৰ হৰ্ষ-উল্লাস, তাৰ বিপৰীতে যিসকলে টিকট লাভ নকৰিলে তেওঁলোক ডুব গ’ল বিষাদত।
লগতে এই তালিকা ঘোষণাৰ পিছতে ক্ষোভত দলত্যাগো কৰিছে বহুজনে।
ইয়াৰ ভিতৰত গোলাঘাটৰ বিতোপন শইকীয়াই টিকটৰ পৰা বঞ্চিত হৈ নিশাই গুৱাহাটীত উপস্থিত হৈ কংগ্ৰেছত যোগদান কৰে।
ইফালে বঢ়হমপুৰত টিকট লাভ নকৰাত ক্ষোভিত হৈ পৰিছে প্ৰফুল্ল কুমাৰ মহন্ত।
যাৰ বাবে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰাৰ কথা ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
আনহাতে বহুকেইটা সমষ্টি এজিপিক এৰি দিয়াৰ বিপৰীতে এজিপিৰ পুৰণি সমষ্টি আনিছে বিজেপিয়ে।
ন বিজেপিক টিকট লগতে এজিপিক সমষ্টি এৰি দি পুৰণি জ্যেষ্ঠ বিজেপি কৰ্মীক অৱজ্ঞা কৰাত বিজেপি দলেই ত্যাগ কৰিলে বহু নেতাই।
কোনো কোনো স্থানত আকৌ টিকট বঞ্চিতসকলৰ সমৰ্থকে ক্ষোভতে সেই স্থানৰ কাৰ্যালয় সমূহ ভাঙি লণ্ড ভণ্ড কৰে।
Photo: Google