সোমবাৰে ঘৰুৱা এয়াৰলাইন কোম্পানী বিস্তাৰা(Vistara)ই এক বৃহৎ ঘোষণা কৰে।
সমগ্ৰ দেশজুৰি চিকিৎসক আৰু নাৰ্ছৰ বাবে বিমান যাত্ৰা (Free Air Service)বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছে।
নাগৰিক বিমান মন্ত্রণালয়ৰ যুটীয়া সচিব উষা পাধীক লিখা পত্ৰত কোম্পানীয়ে এই অফাৰৰ বিষয়ে জানিবলৈ দিয়ে।
Wish to commend generous offer by @airvistara to Govt Organisations and Hospitals in immediate need of air logistics. They’ve also offered to fly Doctors & Nurses representing Govt organisations, free of cost, across the domestic network. Let’s fight the pandemic together! pic.twitter.com/Vok9LFmrGR
— MoCA_GoI (@MoCA_GoI) April 25, 2021
ক’ৰোনাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত
এই পত্ৰখনত কোৱা হৈছে যে, ক’ৰোনা সংকটৰ সময়ছোৱাত আমি এইসকল যোদ্ধাৰ সকলো সুবিধাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিম।
ইয়াৰ পিছত উষা পাধীয়েও নিজৰ টুইটাৰযোগে এই পত্ৰখন টুইট কৰি লিখিলে যে, ‘বিস্তাৰা চৰকাৰী সংস্থাসমূহ আৰু হাস্পতালৰ জৰুৰীকালীন প্ৰয়োজন পূৰণ কৰিবলৈ সমগ্ৰ দেশত Air logistics সুবিধা দিবলৈ সাজু হৈছে।
ইয়াৰোপৰি কোম্পানীয়ে ক’ৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ সমগ্ৰ দেশত চিকিৎসক আৰু নাৰ্ছক বিনামূলীয়া বিমান যাত্ৰা কৰোৱাৰ প্ৰস্তাৱ ৰাখিছে।
আহক আমি মিলি এই সংকটৰ মোকাবিলা কৰো।
বিস্তাৰাৰ উপৰিও কেইবাটাও এয়াৰলাইন কোম্পানী স্পাইছজেট আৰু ইণ্ডিগ’ই ঘৰুৱা বিমানৰ সময় আৰু তাৰিখ সলনি কৰিবলৈ কোনোধৰণৰ শুল্ক নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
Photo: Google