‘কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে আমি সাজু, কিন্তু aiudfৰ লগত কেতিয়াও মিত্ৰতা সম্ভৱ নহয়।
বিজেপিৰ দৰে aiudf এটা সাম্প্ৰদায়িক দল।’- এই মন্তব্য ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিৰ।
অসমৰ ১২৬টা সমষ্টিত ৰাইজৰ দল আৰু ajp দলে মিত্ৰতাৰে নিৰ্বাচন খেলিব।
আমি চৰকাৰ গঠনৰ বাবে নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি হাতত লৈছো।
ৰাইজৰ দল আৰু ajpৰ পৰা মুখ্যমন্ত্ৰী প্ৰাৰ্থী এতিয়ালৈ ঠিক হোৱা নাই বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে কমল কুমাৰ মেধিয়ে।
‘অখিল গগৈয়ে শীঘ্ৰে ন্যায় পাব, মুকলি আকাশৰ তলত আহিব অখিল গগৈ।
অখিল গগৈ যিদিনা মুকলি আকাশৰ তললৈ আহিব সেইদিনাৰ পৰা অসমত ৰাজনৈতিক ছুনামি আৰম্ভ হ’ব।’- অখিল গগৈ জেলৰ পৰা মুকলি হোৱা প্ৰসংগত এই মন্তব্য প্ৰদান কৰে মেধিয়ে।
বদৰুদ্দিন আজমল যেতিয়াই বিজেপিক সমালোচনা কৰে তেতিয়াই বিজেপিৰ লাভ হয়।
কংগ্ৰেছৰ লগত আমি কথা পাতিছো, কংগ্ৰেছে aiudfক বাদ দি আহিলে আমাৰ সৈতে মিত্ৰতা হ’ব।
বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বুলি দাবী কৰিছে ৰাইজৰ দলৰ নেতাগৰাকীয়ে।
মানকাচৰ আৰু দক্ষিণ শালমৰা সমষ্টিত প্ৰাৰ্থী দিয়া হ’ব নে নাই তাক লৈ কৰ্মী সভা অনুষ্ঠিত হয় হাটশিঙিমাৰী প্ৰেছ ক্লাবত।
Photo: Headline8