ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতৰ ফলত ভাৰতৰ প্ৰায় ২০ হাজাৰ লোক ইউক্ৰেইনত আবদ্ধ হৈ পৰিছে। দেশখনত বিমান চলাচল ব্যাহত হৈ পৰাৰ ফলত আবদ্ধ হৈ থকা ভাৰতীয় লোক তথা শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিব পৰা নাই যদিও তেওঁলোকক দেশলৈ উভতাই আনিবলৈ ভাৰত চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এটা পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে- ‘ইউক্রেইনত শিক্ষা গ্রহণ কৰি থকা আমাৰ অসমৰ শিক্ষাৰ্থী তন্ময়ী আৰু ছিয়াক আমি স্বাগতম জনাইছোঁ। তেওঁলোকক ইউক্ৰেইনৰ পৰা সফলতাৰে লৈ অনা হৈছে আৰু এতিয়া সুৰক্ষিতভাৱে মুম্বাইত উপস্থিত হৈছে। আমি অসম ভৱনৰ বিষয়াৰ দ্বাৰা মুম্বাইত তেওঁলোকৰ থকাৰ ব্যৱস্থাৰ লগতে বিনামূলীয়া ভ্রমণেৰে গুৱাহাটীলৈ অহাৰ বাবে সকলো ব্যৱস্থা কৰি আছোঁ। এনে স্পর্শকাতৰ সময়ত এনেধৰণৰ শিক্ষাৰ্থীসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আমি বদ্ধপৰিকৰ।’
উল্লেখ্য যে ভাৰত চৰকাৰে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশখনৰ পৰা পোলেণ্ড আৰু হাংগেৰীৰ মাজেৰে উলিয়াই আনি ভাৰতলৈ ঘূৰাই অনাৰ বাবে চিন্তা-চৰ্চা কৰিছে।