‘ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিলৈ গৈ ভুল কাম কৰিছে। গতিকে এইবাৰ তেওঁক আমি হৰুৱাম’।
কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া ৰূপজ্যোতি কুৰ্মী সম্পৰ্কে এই বক্তব্য দাঙি ধৰিছে দুদিনৰ বাবে পেৰলত মুক্ত হৈ অহা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।তেওঁ কয় যে কুৰ্মীৰ সৈতে থকা তেওঁৰ ব্যক্তিগত সম্পৰ্ক অটুত থাকিলেও ৰাজনৈতিকভাৱে কুৰ্মীক বিশ্বাসঘাতকতাৰ উত্তৰ দিয়া হ’ব।
মৰিয়নি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ এই মন্তব্য নিশ্চয়কৈ তাৎপৰ্যবহনকাৰী। নক’লেও চলে,বিগত বিধানসভা নিৰ্বাচনত কুৰ্মীৰ জয়ত অখিল গগৈৰ বৃহৎ ভূমিকা আছিল। গগৈয়ে ৰূপজ্যোতিৰ বাবেই সমষ্টিটোৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল।অন্যথা ৰূপজ্যোতিৰ বিধানসভা যাত্ৰা এইবাৰ বৰ সহজ নহ’লহেঁতেন বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত পোষণ কৰি আহিছে।