আগন্তুক চাৰি দিনলৈ ৰাজ্যত বতাহ-বৰষুণ অহাৰ সম্ভাৱনা।
এই কথা জনাই বতৰ বিজ্ঞান কেন্দ্ৰই। মঙলবাৰৰ পৰা শনিবাৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, উৰিষ্যাৰ সাগৰীয় উপকূলত সৃষ্ট নিম্নচাপ আৰু বতৰৰ কেতবোৰ প্রাকৃতিক পৰিঘটনাৰ বাবে বিহাৰৰ আকাশেৰে আৰু হিমালয়ৰ পাদদেশত সাগৰপৃষ্ঠৰ পৰা মাত্র ৯০০ মিটাৰৰ পৰা ১.৫ কিলোমিটাৰ ওপৰেৰে বতাহ বলি আছে আৰু এই বতাহ মে’ৰ প্ৰথম সপ্তাহতে অসমসহ উত্তৰ–পূবত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।
Photo: Google