নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এতিয়া অসমলৈ আগমণ ঘটিছে কেইবাজনো বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাইপ্ৰফাইল নেতাৰ।
এইবাৰ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব ‘ষ্টাৰ কেম্পেইনাৰ’ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
হোজাইৰ লংকাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
কাইলৈ অৰ্থাৎ বুধবাৰে লংকা ক্ৰীড়া সন্থা খেলপথাৰত বিজেপি প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ অভিযান।
মুখ্যমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ পূৰ্বে এতিয়া সষ্টম হৈ উঠিছে লংকা তথা হোজাই জিলা আৰক্ষী।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হোজাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাম কৃষ্ণ ঘোষৰ হৈ প্ৰচাৰ অভিযান চলাব।
Photo: Google