গুৱাহাটী, ৭ জুলাইঃ তিনিচুকীয়াৰ ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কালি যোগদান কৰা ৰনন্ময় ভৰদ্বাজক আদৰণি জনালে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অমৰজিত শইকীয়াই। মহাবিদ্যালয় পৰিয়ালৰ হৈ আদৰণি জনোৱাৰ লগতে অধ্যক্ষজনে তেওঁৰ সৈতে মহাবিদ্যালয়খনে সন্মুখীন হৈ অহা অতি স্পৰ্শকাতৰ সমস্যাসমূহৰ সন্দৰ্ভত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰা তথা বিভিন্ন ক্ষেত্ৰত অভিজ্ঞতাৰে পুষ্ট এইজন প্ৰশাসনিক বিষয়াক অঞ্চলটোৰ শৈক্ষিক দিশত এজন দক্ষ সমল ব্যক্তি হিচাপে মনোনিৱেশ কৰিবলৈ অধ্যক্ষজনে অনুৰোধ জনায়।