বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে মমতা বেনাৰ্জীয়ে ক’ৰোনাৰ বিৰূদ্ধে যুজঁ দিবলৈ কিছু নীতি নিৰ্দেশনা জাৰি কৰে।
ক’ৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মমতা বেনাৰ্জীয়ে জাৰি কৰে নীতি নিৰ্দেশনা সমূহ।
এই নীতি নিৰ্দেশনা সমূহত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰিছে যে’
পশ্চিমবংগত সম্পূৰ্ণ লকডাউনৰ পৰিকল্পনা কৰা নাই কিন্তু সকলো সামাজিক আৰু ৰাজনৈতিক বৈঠক নিষিদ্ধ হ’ব।
আজিৰে পৰা স্থানীয় ৰেল সমূহৰ চলাচল বন্ধ হ’ব লগতে দূৰণিবতীয়া ৰেল তথা আন্তঃৰাজ্যিক বাছ সমূহৰ যাত্ৰীয়ে নিগেটিভ আৰটিপিচিআৰ ৰিপোৰ্ট প্ৰদৰ্শন কৰাটো বাধ্যতামূলক হ’ব।
ব্যক্তিগত খণ্ড সমূহত ৫০% কৰ্মচাৰীৰে কাম চলিব লাগিব।
দোকান সমূহ পুৱা ৭ বজাৰ পৰা ১০ বজালৈ আৰু সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ খোলা থাকিব,ইত্যাদি।
লগতে মুখ্যমন্ত্ৰীয়ে জনাই যে পৰৱৰ্তী সময়ত ক’ৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। Photo Credit :Google