পশ্চিমবংগৰ ৪৪টা সমষ্টিৰ ভোটদান প্ৰক্ৰিয়া অব্যাহত।
৩.৩৯ বজালৈ ৬৬.৭৬ শতাংশ ভোটগ্ৰহণ হয়।
এই সংখ্যাৰে এই কথাটো স্পষ্ট হয় যে, হিংসাত্মক খৱৰৰ মাজতে ভোটদাতাই বৃহৎ মাত্ৰাত ভোটিং কৰি আছে।
চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বংগৰ কৃষ্ণানগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে,”২ মে’ৰ পৰা পশ্চিমবংগত আচল পৰিৱৰ্তনৰ মহাযজ্ঞ আৰম্ভ হ’ব।
এই মহাযজ্ঞ তুষ্টিকৰণ, বংগৰ জনতাক তিৰষ্কাৰ কৰাসকলক এক শিক্ষা দিব।
এতিয়া বংগত সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ সৈতে বিকাশৰ ডাৱল ইঞ্জিন লগোৱা হ’ব।
West Bengal: Sourav Ganguly today cast his vote at a polling booth in Barisha Shashibhusan Janakalyan Vidyapith, Behala, South 24 Paraganas pic.twitter.com/YKetlQp7jO
— ANI (@ANI) April 10, 2021
BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে আজি দক্ষিণ ২৪ পৰগণা জিলাৰ বেহলাৰ এটা ভোটকেন্দ্ৰত নিজৰ ভোট সাব্যস্ত কৰে।
Photo: Google