আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ দিগ্গজসকলে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।
সূত্ৰ অনুসৰি পশ্চিমবংগ আৰু অসম নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জোৰদাৰ ৰেলী হ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগত ২০খন ৰেলী কৰিব আৰু চুবুৰীয়া ৰাজ্য অসমত প্ৰধানমন্ত্ৰীৰ ৬খন ৰেলী হ’ব।
পশ্চিমবংগ ইউনিটৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ২৫ৰ পৰা ৩০খন ৰেলী আয়োজিত কৰাৰ দাবী জনাইছিল কিন্তু বৰ্তমান ২০খন ৰেলীৰে অনুমতি প্ৰদান কৰা হৈছে।
৭ মাৰ্চত কলকাতাৰ ব্ৰিগেড মৈদানৰ পৰা প্ৰথমখন ৰেলী আৰম্ভ হ’ব।
অন্য ৰেলীসমূহৰ বাবে বৰ্তমানলৈ স্থান আৰু সময় নিৰ্ধাৰণ হোৱা নায়।
ইফালে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি অধ্যক্ষ জে পি নড্ডাই পশ্চিমবংগত ৫০-৫০খন নিৰ্বাচনী ৰেলী সম্বোধন কৰিব।
দেওবাৰে প্ৰধানমন্ত্ৰীয়ে কলকাতাত বৃহৎ ৰেলী কৰিব
প্ৰথমবাৰৰ বাবে পশ্চিমবংগত গেৰুৱা পতাকা উৰুৱাবলৈ বিজেপিয়ে কঁকালত টঙালি বান্ধি লৈছে।
বিজেপিৰ নেতা আৰু কৰ্মকৰ্তাসকলে এই ৰেলীখন ছুপাৰহিট কৰিবলৈ সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছে।
বিজেপিৰ লক্ষ্য ব্ৰিগেড গ্ৰাউণ্ডত প্ৰায় ১০ লাখ লোক আনিব লাগে।
বিজেপিয়ে এই ৰেলী সফল কৰি তুলিবলৈ ডোৰ টু ডোৰ প্ৰচাৰ অভিযান চলাই আছে।
Photo: Abp News