পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰাজ্য খনত সংঘটিত হৈছে বহুতো হিংসাত্মক ঘটনা।
বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত সংঘটিত হোৱা এই হিংসাত্মক ঘটনাত নিহত হৈছে ১০ জনৰো অধিক লোক।
এই ঘটনাৰ পিছতে প্ৰাণৰ ভয়ত অসমলৈ পলাইছে বহু বিজেপি কৰ্মকৰ্তাই।
জানিব পৰা অনুসৰি পশ্চিমবংগত হিংসাত্মক ঘটনাৰ পিছতে বংগত থকা বিজেপি কৰ্মী সকলে তেওঁলোকৰ পৰিয়ালৰ লগতে অসম অভিমুখে আহি আছে।
এই কথা টুইটযোগে প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
In a sad development 300-400 @BJP4Bengal karyakartas and family members have crossed over to Dhubri in Assam after confronted with brazen persecution & violence. We’re giving shelter & food. @MamataOfficial Didi must stop this ugly dance of demonocracy!
Bengal deserves better. pic.twitter.com/d3MXUvgQam
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 4, 2021
লগতে কৈছে যে অসম চৰকাৰে পশ্চিমবংগৰ পৰা অহা এই লোকসকলৰ বাবে আশ্ৰয় গৃহ আৰু খাদ্যৰ যোগান ধৰিব।
পশ্চিমবংগত হৈ থকা এই হিংসাত্মক কাৰ্যকলাপৰ বাবে হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো তীব্র ভাৱে সমালোচনা কৰিছে।
Photo Credit : Twitter