মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত “ব’হাগৰ এদিন” কাৰ্যসূচী ৰূপায়ন কৰা হয়। পশ্চিম গুৱাহাটী মহাবিদ্যালয়তৰ সৌজন্যত তথা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত মহাবিদ্যালয়ৰ বাকৰিত আয়োজিত উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড: মণিষা ভট্টাচাৰ্যই।
অনুষ্ঠানটো মুকলি কৰি অধ্যক্ষ ড: ভট্টাচাৰ্যই মহাবিদ্যালয়ৰ শৈক্ষিক -সাংস্কৃতিক তথা সামগ্ৰিক উন্নয়ণৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা আৰু দিহা পৰামৰ্শ আশা কৰি এনে ব্যতিক্ৰমী কাৰ্যসূচী অব্যাহত থকাৰ বাবে আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ ড: হজৰত আলীয়ে। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে পৰিৱেশন কৰা বিহু হুঁচৰীয়ে উপস্থিত আটাইকে আপ্লুত কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে বিহু নৃত্য, গীত আদি পৰিবেশন কৰি সমগ্ৰ পৰিৱেশটো জীপাল কৰি তোলে।