নিৰ্বাচন আৰু এগজিট প’ল দুয়োটা অতি গুৰুত্বপূৰ্ণ বিষয় । নিৰ্বাচন ফলাফল সন্দৰ্ভত সম্ভাৱনা প্ৰকাশ কৰাই হৈছে এগজিট প’ল। বিভিন্ন জৰীপকাৰী সংস্থাৰ সহযোগত সংবাদ প্ৰতিষ্ঠানৰ দ্বাৰা কৰা অনুষ্ঠিত কৰা হয় এগজিট প’ল ।
অধিকাংশ সময়ত এনে জৰীপ নিৰ্বাচনী ফলাফলৰ সৈতে প্ৰায় মিল থাকে যদিও কেতিয়াবা এগজিট প’ল আৰু প্ৰকৃত ফলাফলৰ সৈতে মিল নাথাকে। এগজিট প’লবোৰ জৰীপৰ দ্বাৰা প্ৰস্তুত কৰা হয়, য’ত ভোটাৰসকলক প্ৰশ্ন সোধা হয়। এই বিষয়টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল তেওঁলোকে কাক ভোট দিছিল। এই সমীক্ষাত হাজাৰ হাজাৰ লোকৰ সৈতে কথা পাতি এই সম্পৰ্কে পৰিসংখ্যা সংগ্ৰহ কৰা হয়। ইয়াৰ সহায়ত জনসাধাৰণে কোন দলক কিমান শতাংশ ভোটাৰে ভোট দিছে ইয়াক অনুমান কৰিবলৈ বিশ্লেষণ কৰা হয়।
সোমবাৰে দেশৰ ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আটাইকেইখন ৰাজ্যৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ’ব। সমগ্ৰ দেশে উত্তৰ প্ৰদেশ,পঞ্জাব,গোৱা,উত্তৰাখণ্ড আৰু মণিপুৰ এই ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত দৃষ্টি ৰখা হৈছে।
উত্তৰ প্ৰদেশত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ সমাপ্ত হোৱাৰ লগে লগে ৰাজ্যসমূহৰ নিৰ্বাচনক লৈ সোমবাৰে সন্ধিয়া প্ৰকাশ পাব এগজিট প’ল । উল্লেখ্য যে,ইতিমধ্যে, সম্পন্ন হৈ যোৱা নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত প্ৰকাশ পাব।
কোন দলে কোন ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হ’ব তথা কোনে কিমানখন আসন লাভ কৰিব? কোন ৰাজনৈতিক নেতা আৰু দলে তেওঁলোকৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ল? এই সকলো প্ৰশ্নৰ উত্তৰ প্ৰকাশ পায় ফলাফলৰ দিনা । কিন্তু ফলাফলৰ পূৰ্বেই সমীক্ষাৰ সহায়ত আগতীয়া অনুমান প্ৰকাশ কৰা হয়। ইয়াকেই নিৰ্বাচনৰ এগজিট প’ল বুলি কোৱা হয়।