এজন যুৱকৰ মৃত্যু হোৱাৰ পিছতে বুধবাৰে উত্তপ্ত হৈ পৰিছিল নগাঁৱৰ ৰূপহীহাট। জানিব পৰা অনুসৰি, ৰূপহীৰ গেৰেকীগাঁৱত বুধবাৰে আবেলি একাংশ যুৱকে ক্ৰিক্ৰেট খেলৰ আয়োজন কৰিছিল। কিন্তু যিটো সময়ত ৰাজ্যত সান্ধ্য আইন চলি আছিল সেই সময়তে ক্ৰিক্ৰেট খেল চলি থকাৰ খবৰ পাই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু দলটোক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰে।
আৰক্ষীৰ দলটোক প্ৰত্যক্ষ কৰি পলায়ন কৰা ছৈয়দ আখতাৰ নামৰ যুৱকজনে এখন বিলত জাঁপ দিয়ে। কিন্তু সাঁতুৰিব নজনা বাবে যুৱকজনে মৃত্যুক সাৱটি লয়।
ইয়াৰ পিছতে স্থানীয় ৰাইজে ৰূপহীহাট আৰক্ষী থানা ঘেৰাও কৰি আৰক্ষীৰ দলটোৰ শাস্তিৰ দাবীত থানা ঘেৰাও কৰে। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। প্ৰতিবাদ সাব্যস্ত কৰা ৰাইজৰ মাজৰ পৰা একাংশই শিলগুটি নিক্ষেপ কৰাৰ লগতে থানাত আক্ৰমণৰ চেষ্টা কৰে। পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে শূণ্যলৈ গুলীচালনাও কৰে।
আৰক্ষীৰ এই কাৰ্যত প্ৰত্যক্ষ কৰি ক্ষুব্ধ ৰাইজে আৰক্ষীৰ ৪খন বাহন ভাঙি চূৰমাৰ কৰে। লগতে
এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰো ক্ষতিসাধন কৰে।
ইফালে এই ঘটনাৰ পিছতে ৰূপহীহাট আৰক্ষী থানাত শিলগুটি মাৰি গাড়ী লণ্ড-ভণ্ড কৰা সন্দৰ্ভত ৪ জনকৈ লোকক সোধা পোছাৰ বাবে আটক কৰে। আটকাধীন ৰূপহীহাটৰ বিজেপিৰ যুৱ নেতা মিজানুৰ ৰহমান, মোস্তাফিজুৰ ৰহমান(মাইনুল), ইক্ৰামুল হুছেইন আৰু জুৱেল আহমেদ ৷ বুধবাৰে নিশাই আটক কৰে চাৰিওজনকে।
ইফালে বৃহস্পতিবাৰে পুৱাই ৰূপহীহাটত উপস্থিত হয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।