NIA ৰ আদালতত দোষমুক্ত ঘোষণা হোৱাৰ পিছত কালিয়েই তাৎক্ষণিকভাৱে জি এম চি এইছত চিকিৎসাধীন হৈ থকা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে হাস্পতালৰ কেবিন ত্যাগ কৰিছিল। লগে লগে বিভিন্ন মাধ্যমত প্ৰশ্ন উঠিছিল যে ইমান দিনে চিকিৎসাধীন হৈ থকা নেতাগৰাকীৰ তাৎক্ষণিকভাৱে স্বাস্থ্যৰ উন্নতি কিদৰে হ’ল! তেওঁৰ হাস্পতাল ত্যাগে অনেক সমালোচনা আৰু প্ৰশ্নৰ বাট মুকলি কৰিছিল। মন্ত্ৰী পীয়ূষ হাজৰিকাই আনকি অখিল গগৈৰ নৈতিক স্থিতিক লৈও প্ৰশ্ন উত্থাপন কৰিছিল।
যি নহওঁক,শেহতীয়াকৈ জি এম চি এইছ কতৃপক্ষই অসম চৰকাৰৰ গৃহ বিভাগলৈ লিখা এক পত্ৰই সকলো প্ৰশ্নৰেই উত্তৰ দিছে।জাননীখনৰ কথাৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে অখিল গগৈয়ে সম্পূৰ্ণ নিজৰ দায়িত্বত হাস্পতালৰ কেবিন ত্যাগ কৰি গৈছে। তেওঁ স্বেচ্ছাই কেবিন ত্যাগ কৰিছে।তেওঁৰ এই সিদ্ধান্ত চিকিৎসক সকলৰ পৰামৰ্শৰ বিৰুদ্ধে বুলিও বুজোৱা হৈছে পত্ৰখনৰ জৰিয়তে।
অৱশ্যেই সম্পূৰ্ণ নিজৰ দায়িত্বত এইদৰে হাস্পতাল ত্যাগ কৰাৰ অধিকাৰ এগৰাকী ৰোগীৰ থাকে।লগতে এয়াও সঁচা যে এনেক্ষেত্ৰত পৰৱৰ্তী সময়ত ৰোগীজনে সন্মুখীন হ’ব পৰা স্বাস্থ্যসম্পৰ্কীয় জটিলতাৰ বাবে হাস্পতাল কতৃপক্ষ দায়বদ্ধ নহয়।