গৰুৰ চোৰাং ব্যৱসায়, ড্রাগছ, নাৰী সৰবৰাহ, ধর্ষণ, শিশু নির্যাতনৰ দৰে অপৰাধমূলক কার্যৰ বিৰুদ্ধে অভিযান চলোৱাত যে ৰাজ্য চৰকাৰ পিছ হুঁহকি নাহে সেই কথা আজি পুনৰবাৰ দৃঢ়তাৰে ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অপৰাধীয়ে যদি আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষীক গুলীয়াবলৈ আহে সেই সময়ত মানৱ অধিকাৰ ৰক্ষা কৰিবলৈ আৰক্ষীয়ে বগা কাপোৰ প্রদর্শন কৰি সন্ধি কৰিবলৈ আগবাঢ়িব নে বুকু পাতি শ্বহীদ হ’বলৈ যাব বুলি আজি বিৰোধীক উদ্দেশ্যি প্রশ্ন কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷
উল্লেখযোগ্য যে ড্রাগছ, গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত অসম আৰক্ষীয়ে উপায়হীন হৈ কেইবাটাও গুলীচালনাৰ ঘটনা সংঘটিত কৰিবলগীয়া হোৱা ঘটনাত মানৱ অধিকাৰ উলংঘন কৰা হৈছে বুলি চর্চিত হৈছে৷ আজি বিৰোধী দলপতি দেৱব্রত শইকীয়াই বিধানসভাৰ শূন্য কালত মুখ্যমন্ত্রীয়ে আৰক্ষী বিষয়াৰ বৈঠকত অপৰাধীৰ ক্ষেত্রত আপোচ নহ’ব আৰু এজাহাৰৰ প্রয়োজন নাই বুলি কৰা মন্তব্য সংবিধান -বিৰুদ্ধ বুলি মন্তব্য কৰিছিল৷
বিৰোধী দলপতিয়ে অপৰাধীৰ বিৰুদ্ধে অভিযানৰ সময়ত কৰা গুলীচালনাৰ ঘটনাক মানৱ অধিকাৰ ভংগ হোৱা বুলি সংবাদপত্রৰ বাতৰিৰ উদ্ধৃতি দি চৰকাৰক সমালোচনা কৰিছিল৷ বিৰোধী দলপতি শইকীয়াই উত্থাপন কৰা বিষয়টোৰ উত্তৰ দ্বিমুখ্যমন্ত্ৰী ড০ শর্মা আক্রমণাত্মক হৈ পৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যেতিয়া অপৰাধীয়ে আৰক্ষীৰ ওপৰত আক্রমণ কৰিব বিচাৰিব তেতিয়া আৰক্ষীয়ে বগা কাপোৰ উৰুৱাব নে লগত থকা অস্ত্র ব্যৱহাৰ কৰিব? আৰক্ষীৰ ওপৰত আক্রমণ কৰিবলৈ আহিলে অপৰাধীক নিৰস্ত্র কৰিবলৈ গুলীচালনা কৰিবলগীয়া হোৱাৰ দৰে ঘটনা ভাৰত বা অসমত নতুন নহয়৷
তেওঁ আৰু কয় যে আৰ পি এফৰ আৰক্ষী কনিষ্টবল এজনে ঘটনাৰ পাকচক্রত পৰি ড্রাগছ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে৷ সেইজন অপৰাধীক কৰায়ত্ত কৰাৰ পাছত আৰক্ষীৰ অস্ত্র কাঢ়ি লৈ আৰক্ষীক গুলীয়াবলৈ উদ্যত হ’লে আৰক্ষীয়ে গুলী নামাৰিলে কর্তব্যত থকা আৰক্ষী জোৱানকেইজন শ্বহীদ হ’ব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰে আইন মানিব লাগিব আৰু আইনৰ শাসনো চলিব লাগিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত ৫০৪জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ এইসকলৰ সকলোকে ভৰিত গুলীয়াই দিয়া নাই৷
যেতিয়া পলাব বিচাৰিছে তেতিয়াহে গুলীয়াই দিয়া হৈছে৷ চি আৰ পি চি-৪৬ ধাৰাই আৰক্ষীক অধিকাৰ দিছে৷ যদি ৯ বছৰীয়া কন্যাক হত্যা কৰি ধর্ষণ কৰা মৰিগাৱঁৰ পাঠাক আৰক্ষীয়ে পলাবলৈ সুযোগ দিলেহেঁতেন তেন্তে বিধানসভাত প্রশ্ন উঠিলহেঁতেনে যে আৰক্ষীয়ে টকা খাই পলাবলৈ সুযোগ দিলে নেকি৷ আৰক্ষীয়ে পলাব বিচৰা পাঠাক ভৰিত গুলীয়াই পাছত জি এম চি এইচত চিকিৎসাও কৰিছে৷ মুখ্যমন্ত্রীয়ে আৰু কয় যে অসম আৰক্ষীয়ে ২৩জনক গুলীয়াইছে৷ ইয়াৰে ১৫জন উগ্রপন্থী৷ আৰক্ষীয়ে উগ্রপন্থী সংগঠনৰ বাদে আান যি দুজনক গুলীয়াই নিহত কৰিলে তাৰে এজন আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষীক গুলীয়াবলৈ উদ্যত হোৱা আৰ পি এফৰ ইন্সপেক্টৰ, আনজন শিৱসাগৰৰ বুবু কোঁৱৰ৷
বুবু কোঁৱৰৰ কথা কোনে নাজানে বুলি প্রশ্ন কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ আৰু কয় যে এটা ধাৰণা দিব বিচৰা হৈছে যে আৰক্ষীয়ে ড্রাগছ, মানৱ সৰবৰাহকাৰী, ধর্ষণকাৰী সকলোকে গুলীয়াইছে৷ তেওঁ আৰু কয় যে বিধানসভাৰ পৰা এটা বার্তা যাব লাগিব যে মৰিগাঁৱৰ ৯ বছৰীয়া ধর্ষণৰ বলি হোৱা কন্যাৰ বাবে কান্দিব নে হত্যাকাৰী ধর্ষণকাৰী পাঠাৰ কাৰণে কান্দিব৷ যদি আৰক্ষীয়ে আইন ভাঙে তেন্তে নিশ্চিতভাৱে তথ্য দি দণ্ডাধীশৰ তদন্ত বিচাৰিলে তদন্ত কৰা হ’ব৷ আইনে আৰক্ষীক যি ব্যৱস্থা দিছে সেইমতে আৰক্ষীয়ে কাম কৰিব৷ মুখ্যমন্ত্রীয়ে আৰু কয় যে ধর্ম, জাতি যিয়েই নহওক অপৰাধীয়ে বুজিব লাগিব যে এতিয়া আইনৰ শাসন চলিছে৷