“চাকৰি এক লাখ কেতিয়া ? ক’ত?’ এইবাৰ অখিল গগৈৰ প্ৰশ্ন!
২৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা অৰ্থহীন নিয়োগ মেলাৰ পাছতেই শুকুৰবাৰে বিধান সভাৰ বাহিৰত বিধায়ক অখিল গগৈয়ে সাব্যস্ত কৰে প্ৰতিকী প্ৰতিবাদ।
এটা বিশেষ টি চাৰ্ট পিন্ধি প্ৰতিবাদ সাৱ্যস্ত কৰে বিধায়কজনে। তেওঁৰ টি চাৰ্টত লিখা আছে “চাকৰি এক লাখ কেতিয়া ? ক’ত?
বিধানসভাৰ বাহিৰত অখিল গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে দাবী জনায়।
পদ খালী আছে, কিন্তু বিত্ত বিভাগে অনুমোদন দিব নোৱাৰে বুলি মন্তব্য বিধায়কগৰাকীৰ। মুখ্যমন্ত্ৰীয়ে ১০ লাখক কৰ্মসংস্থাপন দিয়াৰ কথা কৈছিল যদিও নিয়োগ মেলাৰ প্ৰকৃত ছবিয়ে সকলো উদঙাই দিলে। “হিমন্ত বিশ্ব শৰ্মাই ১ লাখ নিবনুৱাক সংস্থাপন নিদিলে শান্তিত থাকিব দিয়া নহ’ব চৰকাৰক।” এই মন্তব্য অখিল গগৈৰ ।