নিউজ ডেস্কঃ ৭২সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ এই বৰ্ষৰ শ্ৰেষ্ঠ প্ৰতীকপটৰ সন্মান লাভ কৰিছে উত্তৰ প্ৰদেশে ৷
বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা ঘোষণা কৰিছে ।
উত্তৰ প্ৰদেশে নৱনিৰ্মিত ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছিল এই প্ৰতীকপটো।
এইবাৰ ১৭খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰেও অংশ গ্ৰহণ কৰিছিল গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত।
উল্লেখ্য, ২০২০বৰ্ষত অসমৰ প্ৰতীকপটে আজুৰি আনিছিল শ্ৰেষ্ঠ প্ৰতীকপটৰ খিতাপ।