ধেমাজিত আজিৰে পৰা অনুষ্ঠিত হ’বলগীয়া কেবিনেটত কাগজ নিগম কৰ্মচাৰীৰ বাবে পুঁজি মুকলিত অনুমোদন জনোৱা হ’ব ৷ কাগজ নিগমৰ কৰ্মচাৰী ইউনিয়ন আৰু জইণ্ট একচন কমিটী ফৰ ৰিকগনাইজড অৰ্গেনাইজেচন নামৰ সংগঠন দুটাৰ সৈতে আলোচনাৰ অন্তত কাগজ কলৰ কৰ্মচাৰীসকলৰ প্ৰতি দায়ৱদ্ধতা প্ৰকাশ কৰি হিমন্ত বিশ্বৰ চৰকাৰে কেতবোৰ সিদ্ধান্তত উপনীত হয় ৷ এই সিদ্ধান্ত সমূহৰ ভিতৰত আছে ১০০ গৰাকী যুৱক-যুৱতীলৈ চৰকাৰী চাকৰি, চিকিৎসক, কৰ্মচাৰীক স্বাস্থ্য বিভাগত নিযুক্তি, কৰ্মচাৰীসকলৰ বাবে দৰমহা, গ্ৰেচুইটী, পিএফ আৰু পেঞ্চন আদায় ইত্যাদি ৷ এই সন্দৰ্ভত কাগজ নিগমৰ কৰ্মচাৰী ইউনিয়নৰ সভাপতি আনন্দ বৰদলৈয়ে হেডলাইন ৮ক ফোনযোগে জনায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত কাগজ কলৰ কৰ্মচাৰীৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাকে লৈ তেওঁলোক আনন্দিত আৰু কৰ্মচাৰীসকলেও নিজৰ নিজৰ যোগ্যতা অনুসৰি সুবিধাবোৰ লাভ কৰিব ৷
মাথোঁ ৫৭০ কোটি টকাৰ খেল আৰু সকলোবোৰ ইয়াতেই শেষ ৷ ৫৭০ কোটি টকাত কৰ্মচাৰীৰ অনাদায় দৰমহা, পিএফ, পেঞ্চন, গ্ৰেচুইটি সকলো আদায় হ’ব ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত কাগজ কল দুটাৰ ভৱিষ্যৎ কি হ’ব ? আনন্দ বৰদলৈয়ে এই সন্দৰ্ভত এইদৰে কয় যে কাগজ কলৰ ঠাইত অন্য উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰা হ’ব ৷ যিসকল লোকৰ চাকৰি অধিক দিন আছিল তেওঁলোকক স্থায়ী চৰকাৰী চাকৰি দিয়া হ’ব ৷
চৰকাৰ খুশ, কাগজ কলৰ কৰ্মচাৰী খুশ ৷ কোনো বিতৰ্ক নাই ৷ কিন্তু অসমৰ এটা থলুৱা উদ্যোগ বন্ধ হোৱাত নিমাতে থাকিল তথাকঠিত বুদ্ধিজীৱি, ছাত্ৰ সংগঠন, অন্যান্য দল সংগঠন ৷ অসমৰ শ শ ল’ৰা-ছোৱালীৰ নিয়োজনৰ এটা বাট বন্ধ হ’ল ৷ কাগজ কলৰ সৈতে জড়িত আনুষংগিক উদ্যোগবোৰৰো উপাৰ্জনৰ মুদা মৰিল ৷ সাতে-সোতৰই লোকচান কিন্তু অসমৰ জনসাধাৰণৰেই হ’ল ৷
কাগজ-কল কিয় বন্ধ হ’বলগীয়া হ’ল ইয়াৰ কাৰণ ফঁহিয়াই চালে যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটিব যদিও কৰ্মচাৰীসকলৰ নিজৰ উদ্যোগটোৰ প্ৰতি থকা অনীহা আৰু কৰ্মবিমুখিতাই ইয়াৰ প্ৰধান কাৰণ ৷ যিটো উদ্যোগৰ বাবে কৰ্মচাৰীসকলৰ ঘৰত চাউলৰ চৌকাত জুই জ্বলিছিল সেই উদ্যোগটোৰ প্ৰতি যদি দায়িত্ববোধ কৰ্মচাৰীসকলে প্ৰদৰ্শন কৰিলেহেঁতেন তেন্তে এই উদ্যোগৰ আজি অপমৃত্যু নঘটিলেহেঁতেন ৷ কেৱল মাত্ৰ চৰকাৰে এইটো নকৰিলে, সেইটো নকৰিলে বুলি দোষ দি লোকসকলে এবাৰ নিজকো চিকুটি চোৱা আৱশ্যক ৷