অসমীয়া বৌদ্ধিক জগতৰ এক চিনাকি নাম হ’ল মাহেকীয়া আলোচনী গৰীয়সী। অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰি অহা আলোচনীখনৰ তৃতীয় গৰাকী সম্পাদক আছিল
বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা। পিছে কিছু দিন পূৰ্বে বৰাদেৱৰ পৰলোক পাপ্তি ঘটাৰে পৰাই খালী হৈ আছিল আলোচনীখনৰ সম্পাদকৰ পদ।বৰাদেৱৰ মৃত্যুৰ পিছতেই গৰীয়সীৰ পৰৱৰ্তী সম্পাদক কোন হ’ব কিম্বা হোৱা উচিত সেই লৈ সামাজিক মাধ্যমতো সৰৱ চৰ্চা চলিছিল।অৱশেষত সকলো জল্পনা- কল্পনাৰ অন্ত পেলাই
শুক্ৰবাৰে গৰীয়সীৰ সম্পাদকৰূপে যোগদান কৰে ডা০ ধ্ৰুৱজ্যোতি বৰাই।
উল্লেখ্য যে ১৯৯৩ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰপ্ৰসাদ শইকীয়া।