নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ ইশ্বাক মুইভা গোট আৰু নাগালেণ্ড ষ্টুডেণ্ট ফেডাৰেচনে কেন্দ্র ,অসম চৰকাৰ আৰু ছয় কাৰ্বি বিদ্ৰোহী গোটৰ মাজত অচিৰেই সম্পাদিত হ’বলগীয়া প্ৰস্তাৱিত কাৰ্বি স্বায়ত্ত শাসিত টেৰিটৰিয়েল কাউন্সিলৰ বিৰোধিতা কৰিছে|
সোমবাৰে ডিমাপুৰৰ কেম্প হেব্ৰনৰ পৰা জাৰি কৰা এক প্ৰেছ বাৰ্তা যোগে এন এছ চি এনে জনাই যে কাৰ্বি আংলঙৰ ৰেংমা নগাসকলৰ পৈতৃক অধিকাৰ খৰ্ব কৰা কোনো চুক্তি এন এছ চি এনে মানি নলয়। কাৰণ, কাৰ্বি আংলঙক পূৰ্বে ৰেংমা হিলছ নামেৰে জনা গৈছিল।
নিজৰ স্থিতি স্পষ্ট কৰি তেওঁলোকে কয় যে, অসম চৰকাৰে ৰেংমা নগাসকলৰ প্ৰকৃত ঐতিহাসিক তথ্য অধ্যয়ন নকৰাকৈ তথা ৰেংমাসকলৰ অনুমতি অবিহনে কেৱল আত্মসমৰ্পণ কৰা বিদ্ৰোহীক সন্তুষ্ট কৰিবলৈ কৰা কেন্দ্ৰৰ এই চুক্তি গ্ৰহণযোগ্য নহব।
ৰেংমা নগাসকলৰ পৈতৃক অধিকাৰক শেষ কৰিব খোজা কেন্দ্ৰ আৰু অসম চৰকাৰৰ এনে সন্দেহজনক প্ৰস্তাৱিত কাৰ্বি চুক্তিত আগবঢ়া অনুচিত; কিয়নো ৰেংমাসকল এই ভূমিৰ বৈধ মালিক বুলি এন এছ চি এনে কয়। গতিকে ৰেংমা নগাসকলৰ ভূমি হস্তান্তৰন কৰা কাৰ্য স্বীকাৰ কৰা নহ’ব ।
কিয়নো ই নগাসকলৰ সন্মান আৰু ভাবাবেগক লাঘৱ কৰিব। ইফালে নাগা ষ্টুডেণ্ট ফেডাৰেচনে কাৰ্বি চুক্তি কোনোপধ্যেই মানি নলয় বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন আগতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত সাক্ষাৎ কৰি কয় যে, কাৰ্বি আংলঙৰ ছয় বিদ্ৰোহী গোটৰ সৈতে অচিৰেই কাৰ্বি চুক্তি সম্পাদিত হ’ব|
মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে কাৰ্বি আংলঙক লৈ তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কিয়নো নগা বিদ্ৰোহীৰ সৈতে ভাৰতৰ চৰকাৰৰ আলোচনা চূড়ান্ত পৰ্যায়ত আছে । এন এছ চি এনে ইতিমধ্যে দাবী জনাইছে যে, গ্ৰেটাৰ নাগালিম গঠনৰ বাবে অসম ,অৰুণাচল আৰু মণিপুৰৰ নগা বসতি প্ৰধান এলেকা নগা চুক্তিত অন্তৰ্ভুক্ত কৰিব লাগে।