Centre for the Study of Developing Societies -Loknitiৰ সমীক্ষা অনুসৰি, অধিক জনপ্ৰিয়তা আছে সৰ্বানন্দ সোণোৱালৰ।
সোণোৱাল উজনি আৰু বৰাক উপত্যকাত সৰ্বাধিক জনপ্ৰিয়।
ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা নামনিতে সীমাবদ্ধ।
শনিবাৰে ইংৰাজী দৈনিক The Hinduত এই সমীক্ষা প্ৰকাশ পাইছে।
সমীক্ষা অনুসৰি, ৰাজ্যত ২৩শতাংশ লোকে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।
ইয়াৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ১১ শতাংশ লোকে।
২০১৬ত সোণোৱালক ৩০ শতাংশ লোকে বিচাৰিছিল মুখ্যমন্ত্ৰী হিচাপে।
ইয়াৰ বিপৰীতে শৰ্মাক বিচাৰিছিল মাত্ৰ ৪শতাংশ লোকে।
কিন্তু চলিত বৰ্ষত সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তাৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ হাৰ বৃদ্ধি হৈছে।
নামনি আৰু উজনি অসমত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ হাৰ কিমান- নামনিত সোণোৱালক ১৯ শতাংশ লোকে মুখ্যমন্ত্ৰী হোৱাটো কামনা কৰে।
তাৰ পৰিৱৰ্তে ১৬ শতাংশ লোকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।
ইফালে উজনি অসমত সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা অধিক।
উজনিত ২৮ শতাংশ লোকে সোণোৱাল মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।
তাৰ বিপৰীতে মাথো ৬ শতাংশ লোকহে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত। বৰাক উপত্যকাটো সোণোৱালৰ গ্ৰহণযোগ্যতা হিমন্ত বিশ্ব শর্মাতকৈ অধিক।
Photo: Google