কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? সমগ্ৰ অসমবাসীয়ে এই প্ৰশ্নৰ উত্তৰ পাব কাইলৈ।
বিগত কিছুদিন ধৰি অব্যাহত আছে উৎকণ্ঠাৰ, যে কোনে লাভ কৰিব এইবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ?
কিন্তু বৰ্তমানেও এই প্ৰশ্নৰ অৱসান ঘটা নাই।
কিন্তু কাইলৈ এই অপেক্ষাৰ অন্ত পৰিব। অসমে পাব নতুন মুখ্যমন্ত্ৰী। ইতিমধ্যে সংসদীয় সমিটিৰ সৈতে অনুষ্ঠিত হোৱা বৈঠক সম্পন্ন হৈছে।
শনিবাৰে দিল্লীলৈ গৈছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু তাতেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ সৈতে বৈঠকত বহিছিল।
প্ৰথমে বৈঠকত বহিছিল হিমন্ত বিশ্ব শৰ্মা।
ইয়াৰ পিছত সৰ্বানন্দ সোণোৱালৰ সৈতে বহিছিল বৈঠকত।
পৃথক পৃথককৈ বৈঠক হোৱাৰ পিছত একেলগে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হৈছিল জে পি নড্ডাৰ বৈঠক।
কিন্তু ঘোষণা নহ’ল মুখ্যমন্ত্ৰীৰ নাম।
শেহতীয়া বাতৰি অনুসৰি কাইলৈ অৰ্থাৎ দেওবাৰে অসমলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক।
কেন্দ্ৰীয় পৰ্যবেক্ষকে গুৱাহাটীলৈ আহিয়েই ঘোষণা কৰিব নতুন মুখ্যমন্ত্ৰীৰ নাম।
কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰা হ’ব।
Photo: Google