নিৰ্বাচন আহিল আৰু গ’ল। ফলাফলো ঘোষণা হ’ল।
ফলাফল ঘোষণাৰ পিছতে কেইবাগৰাকীও হেভীৱেট প্ৰাৰ্থীয়ে হেৰুৱালে নিজৰ সমষ্টি।
মুঠতে এইবাৰৰ নিৰ্বাচনত মুখ থেকেচা খালে বহু ৰথী-মহাৰথীয়ে।
ইফালে বিজেপিৰ ঢৌত উফৰিল কংগ্ৰেছ মহাজোঁট। দলটোৰ বৃহৎ পৰাজয়ৰ কথা বাদেই, কিন্তু এইবাৰৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটৰ বিপৰ্যয়ৰ লগতে গহপুৰ সমষ্টিত বৃহৎ ব্যৱধানত পৰাস্ত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা। বিজেপি প্ৰাৰ্থী উৎপল বৰাই ২৯,২৯৪ টা ভোটত ৰিপুন বৰাক পৰাস্ত কৰে।
এই শোচনীয় পৰাজয়ৰ পিছতে কালি নিশাই ৰিপুন বৰাই দলটোৰ কেন্দ্ৰীয় কৰ্ণধাৰ ছোনিয়া গান্ধীলৈ সভাপতি পদ ত্যাগ কৰাৰ পত্ৰ প্ৰেৰণ কৰে। অসমত কংগ্ৰেছ দলৰ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি পত্ৰত উল্লেখ কৰে। লগতে ৰিপুন বৰাই পত্ৰযোগে কয় যে তেওঁ বহু কষ্ট কৰিও একো ফল নাপালে, গতিকে তেওঁ যথেষ্ট দুঃখিত।
লাজে-ক্ষোভেই হওক বা পৰাজয়ৰ দুখেই হওক, ৰিপুণ বৰাই সভাপতিৰ পদ ত্যাগ কৰিলে, কিন্তু এইখিনিতে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত যে, ৰিপুণ বৰাৰ পিছত কংগ্ৰেছৰ অধিনায়কৰ গাদী চম্ভালিব কোনে? কোন হ’ব পৰৱৰ্তী সভাপতি?
প্ৰদ্যুৎ বৰদলৈঃ তৰুণ গগৈ মন্ত্ৰীসভাৰ প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ তালিকাত ৰখা হৈছে। যিহেতু ৰাষ্ট্ৰীয় নেতৃত্বই সাংসদ প্ৰদ্যুৎ বৰদলৈক যথেষ্ট পছন্দ কৰে ৰাজনৈতিক দক্ষতাৰ বাবে। বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ জয়ী হোৱাৰ পিছতে বৰদলৈৰ শিবিৰত যোগ দিছিল বহু কংগ্ৰেছীয়ে। কিন্তু এয়া নিশ্চিত কৰিব নোৱাৰি যে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ গাদী তেওঁক প্ৰদান কৰা হ’ব বুলি। কিয়নো কংগ্ৰেছৰ ভিতৰচ’ৰাতে বৰদলৈৰ আছে বহু বিৰোধী।
দেৱব্ৰত শইকীয়াঃ তালিকাৰ দ্বিতীয় স্থানত নাম উল্লেখ কৰিব পাৰি প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এইবাৰো বিধানসভা নিৰ্বাচনত তেওঁ বিজেপি প্ৰাৰ্থী ময়ুৰ বৰগোঁহাইক পৰাস্ত কৰি পুনৰ নিজৰ দখললৈ আনিছিল নাজিৰা সমষ্টি। পিছে বিধানসভাত শক্তিশালী ভুমিকা গ্ৰহণ কৰাৰ উপৰি, তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণত ব্যৰ্থতা আৰু ৰাজ্যিক কৰ্মকৰ্তাৰ মাজতো সৰ্বাত্মক গ্ৰহণযোগ্যতা নথকাত শইকীয়াও আছে কিছু বেকফুটত।
গৌৰৱ গগৈঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰসূৰী গৌৰৱ গগৈৰ নামো উচ্চাৰিত হৈছে প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হিচাপে। দলৰ ৰাষ্ট্ৰীয় কৰ্ণধাৰ ৰাহুল গান্ধীৰ খুব ঘনিষ্ঠ গৌৰৱ। কিন্তু দলৰ জ্যেষ্ঠ নেতাসকলৰ মাজত গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতা এক বিবদমান বিষয়। তৎসত্ত্বেও যুৱচামৰ মাজত থকা জনপ্ৰিয়তা আৰু ৰাজনৈতিক চাতুৰ্যৰ দিশেৰে পৰৱৰ্তী সভাপতিৰ প্ৰবল দাবীদাৰ হ’ব পাৰে গৌৰৱ গগৈ।
ৰকিবুল হুছেইনঃ তালিকাত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনৰ নামো আছে। ৪ বাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন এগৰাকী শক্তিশালী নেতা। কিন্তু নিজৰ দলৰ মাজতে বোকা ছটিওৱা খেল খেলা এই গৰাকী বিধায়কক নেতৃত্বই ইমান গধুৰ দায়িত্ব চম্ভালিবলৈ নিৰ্বাচন কৰিব নে নাই সেয়া সময়ে ক’ব।
ওপৰত উল্লেখিত কংগ্ৰেছী নেতাকেইজনৰ ভিতৰত হয়টো কোনো এজনক সভাপতিৰ পদ প্ৰদান কৰা হ’ব বা নহ’ব, সেয়া সময়তহে লক্ষণীয় হ’ব। এই সিদ্ধান্ত গ্ৰহণ কৰিব হাই কমাণ্ডে। সেয়া সময়ত আপুনিও নিশ্চিত হ’ব, আমিও হ’ম।
কিন্তু ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে এয়া নিশ্চিত হ’ল যে, অসমত দ্বিতীয়বাৰলৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব। অসমৰ জনগণে দ্বিতীয়বাৰলৈ আদৰি ল’লে বিজেপি মিত্ৰজোঁটক। বিজেপি মিত্ৰজোঁটক সংখ্যাগৰিষ্ঠ আসনেৰে জয়ী কৰাই দিছপুৰ দখলৰ পথ প্ৰায় মুকলি কৰি দিয়ে। সেইবাবেই অসমত আকৌ এবাৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব।
Photo: Google