আজি অপেক্ষাৰ অন্ত পৰিব। আজি সন্ধিয়া ৭ বজাত বিজেপিৰ সংসদীয় কমিটিৰ বৈঠকৰ পিছতে বহু প্ৰতিক্ষীত অসমৰ মুখ্যমন্ত্ৰী আৰু পশ্চিমবংগৰ বিৰোধী দলপতিৰ নাম ঘোষণা কৰা হ’ব।
বৃহস্পতিবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠকখন।
বৈঠকখনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, শিৱৰাজ সিং চৌহান, থাৱৰ চান্দ গেহলট আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে।
ইতিমধ্যে পশ্চিমবংগ ভ্ৰমণ সামৰি নতুন দিল্লীৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈছে জে পি নড্ডা।
২ মে’ত অসমত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই অসমৰ মুখ্যমন্ত্ৰী বিষয়টোক লৈ ব্যাপক চৰ্চা চলি আছিল আৰু আজি ইয়াৰ অৱসান ঘটিব।
Photo: Google