কংগ্ৰেছত পুনৰ দলত্য়াগৰ ঢৌ।
এইবাৰ মেঘালয় ৰাজ্য়ত প্ৰাক্তন মুখ্যমন্ত্ৰীসহ কেইবাগৰাকীকৈ বিধায়কে ত্যাগ কৰিব কংগ্ৰেছ দল।
মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ মুঠ ১৪ জনকৈ বিধায়কে ত্যাগ কৰিব কংগ্ৰেছ দল।
কংগ্ৰেছ দল ত্যাগ কৰি এই আটাইকেইগৰাকী মন্ত্ৰী বিধায়কে যোগদান কৰিব তৃণমূল কংগ্ৰেছত।
জানিব পৰা মতে, বিগত প্ৰায় কেইদিনমান ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে সৈতে যোগাযোগ অব্যাহত ৰাখিছিল।
আগন্তুক দুই-এদিনতে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিধায়ক সকলে কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিব মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দলত।