শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অসমত দালাল চক্ৰ উৎখাত কৰাৰ যি অভিযান চলিবলৈ ধৰিছে তাকে লৈ ভিন্নজনে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ ভিন্নজনৰ মতে এয়া ৰাজনৈতিক অংক হ’লেও জনসাধাৰণৰ মাজত এই ঘটনাই যে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে এয়া ধুৰূপ ৷ প্ৰশ্ন হয়, চৰকাৰী বিভাগে বিভাগে ইমানবোৰ দালালৰ পয়োভৰ কিদৰে হয় ? কিদৰে দালালবোৰে এটাৰ পিছত আনটো কাম কৰি যাবলৈ সাহস পায় ?
ইয়াৰ উত্তৰ আমিবোৰৰ হাততেই ৷ দালাল সৃষ্টিৰ মূল উৎস সাধাৰণ নাগৰিকেই ৷ যিকোনো এটা বিভাগত দালালৰ সহায় নোহোৱাকৈ আমি আগনাবাঢ়ো ৷ বিভাগৰ বৰমূৰীয়াবোৰেও দালালৰ হাতৰ স্পৰ্শ নোহোৱাকৈ জনসাধাৰণৰ ফাইলটোকেই নুচুৱে ৷ এইদৰে সাৰ-পানী পায়েই ক্ৰমে বটবৃক্ষৰ ৰূপ ধৰে দালালবোৰে ৷ আমাৰ এলেহুৱা জীৱন শৈলী, আমাৰ অনভিজ্ঞতাৰ সুবিধা গ্ৰহণ কৰে এই দালালবোৰে ৷ ফলত এতিয়া এনে অৱস্থা পাইছে যে যিকোনো কাম দালাল নোহোৱাকৈ নহয় ৷ এনে কোনটো বিভাগ অসমত নাই য’ত দালালৰ উপস্থিতি নাই ৷
হয়তোবা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত কিছুদিনলৈ শাম কাটিব দালালৰাজ ৷ কিন্তু আমাৰ অজ্ঞতাৰ সুবিধা লৈ আকৌ এচাম যে দালালৰ সৃষ্টি নহ’ব সেয়া কোনে ক’ব পাৰিব ৷ এইক্ষেত্ৰত জনসাধাৰণে নিজে সজাগ হৈ এই ব্যৱস্থাৰ উৎখাত নকৰিলে ই অভ্যাস নহয়, ব্যৱস্থাত পৰিণত হ’ব ৷