দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত কাছোমাৰী নেপালী গাঁৱত ৮ জুনত নিশা গাত কেৰচিন তেল ঢালি অগ্নিসংযোগ কৰি এগৰাকী বোৱাৰীক হত্যা কৰা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি, দলগাঁও থানাৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ কাছেম আলীৰ কন্যা মুৰ্ছিদা বেগম একে থানাৰ অন্তৰ্গত কাছোমাৰী নেপালী গাঁৱত জাকিৰ হুছেইনৰ সৈতে ৮বছৰ পূৰ্বে বিবাহ-পাশত আৱদ্ধ হৈছিল।
বিয়াৰ পিছত এটি পুত্র সন্তানৰ মাতৃ হয়। ইয়াৰ পিছতে যৌতুক দাবীৰে প্ৰায়ে বোৱাৰীৰ ওপৰত নানা নিৰ্যাতন চলাইছিল স্বামী তথা স্বামী পৰিয়ালে। মৃত মহিলাগৰাকীয়ে মৃত্যুৰ পূৰ্বে প্ৰদান কৰা ভাষ্য অনুসৰি ৮ জুনত নিশা স্বামী জাকিৰ হুছেইনসহ শ্বহিদুল ইছলাম, মফিদুল ইছলাম, ফাতেমা খাতুন, ফুলেছা বেগম আৰু শ্বহিদা বেগমে হাত-ভৰি বান্ধি গাত কেৰচিন তেল ঢালি অগ্নিসংযোগ কৰি জ্বলাই দিছিল।
বোৱাৰীৰ পিতৃ পৰিয়ালে খবৰ পাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে যদিও বুধবাৰে দুপৰীয়া তাতে মৃত্যুক সাৱটি লয়। মৃত্যুৰ পূৰ্বে হত্যা নকৰিবলৈ কাকূতি-মিনতি কৰাৰ পিছতো হত্যাকাৰীৰ মনত দয়া ওপজা নাছিল বুলি মৃতকে নিজ মুখেৰেই হত্যাৰ সকলো কৰুণ বৰ্ণনা দি গ’ল।
দলগাঁও থানাৰ আৰক্ষী বিষয়াই চিকিৎসালয়ৰ পৰা জীৱিত অৱস্থাত সকলো ভাষ্য গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। ইতিমধ্যে দলগাঁও থানাৰ আৰক্ষীয়ে হত্যাকাৰী স্বামী জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান চলাইছে।